
কোকৰাঝাৰ, ০৪ জুন (হি.স.): কোকৰাঝাৰ জিলাৰ তামাৰহাট পেট্ৰ'ল পাম্পৰ আজৱ কাণ্ডই গ্ৰাহকসকলক হতচকিত কৰি তুলিছে । গ্ৰাহকে তেল ভৰাই হতাশ হৈ পৰিছে। জানিব পৰামতে, মিটাৰ শূন্য নকৰি ৰানিং এটাৰ পিছত আনটো বাহনত তেল দিয়ে তামাৰহাট কিষাণ সেৱা কেন্দ্ৰ পেট্ৰ'ল পাম্পৰ কৰ্মচাৰীয়ে ।
উল্লেখ্য যে পূৰ্বৰ পৰাই পেট্ৰল পাম্পটোৰ বিৰুদ্ধে লুন্ঠনৰ অভিযোগ উঠি আহিছে । পূৰ্বৰ পৰাই গ্ৰাহকক পেট্ৰল কমকৈ দিয়াৰ অভিযোগ পেট্ৰল পাম্পটোৰ কতৃপক্ষৰ বিৰুদ্ধে উঠিছিল । গ্ৰাহকক পেট্ৰল কম দিয়াৰ কথা সাংবাদিকৰ কেমেৰাৰ আগত ভুল স্বীকাৰ কৰে পাম্প খনৰ কৰ্মচাৰীয়ে । এইক্ষেত্ৰত পেট্ৰল পাম্পটোৰ বিৰুদ্ধে তদন্তৰ দাবী জনাইছে ভুক্তভোগী গ্ৰাহক সকলেয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ