
বৰপেটা, ০৪ জুন (হি.স.)। বৰপেটাত অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে বহৰি খণ্ড বন বিভাগে অভিযান চলাইছে ।
বৰপেটাৰ ৰাধাকুছি আৰু বাগোদী গাঁৱত অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান চলাই উৎখাট কৰে দুটাকৈ অবৈধ কাঠ ফলা মিল |
বৰপেটাৰোড বনাঞ্চলিক বিষয়াৰ নেতৃত্বত বহৰি খণ্ড বন বিষয়াৰ দলে যৌথ অভিযান চলাই অবৈধ কাঠফলা মিল দুটা উৎখাট কৰাৰ লগতে বৃহৎ পৰিমাণৰ কাঠ জব্দ কৰে |
বন বিষয়াৰ দলে কাঠফলা মিল দুটাৰ যন্ত্ৰ পাতিসমুহ জব্দ কৰি অনুসন্ধান চলাই আছে যদিও কোনো লোকক আটক কৰিব পৰা নাই ।
বন বিভাগৰ অভিযানৰ পূৰ্বেই কলটংত জৰিত আটাইবোৰ লোকে পলায়ন কৰে |
দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতা দেখুওৱা চৰকাৰৰ দিনত বৰপেটা জিলাৰ চেঙা, মাজদিয়া, বহৰি, আদি বিভিন্ন প্ৰান্তত এনেদৰে অসাধু চক্ৰই দীৰ্ঘদিন ধৰি অবৈধ কাঠফলা মিল স্থাপন কৰি বন ধ্বংস কাৰ্য চলাই আহিছে ।
অবৈধ কাঠফলা মিলৰ লগত জড়িত থকা অসাধু চক্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে ৰাইজে ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা