
শ্বিলং, ০৪ জুন (হি.স.)। মেঘালয়ৰ শ্বিলঙত আজি বৃহস্পতিবাৰে অনুষ্ঠিত হয উত্তৰ-পূব পৰিষদৰ ৭৩ সংখ্যক পূৰ্ণাংগ বৈঠক। এই বৈঠকত সভাপতিত্ব কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সহযোগিতা মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে।
এই উপলক্ষে উত্তৰ-পূৰ্বাঞ্চলৰ কেন্দ্ৰীয় উন্নয়ন মন্ত্ৰী শ্ৰীযুত জ্যোতিৰাদিত্য সিন্ধিয়া, মেঘালয়ৰ ৰাজ্যপাল শ্ৰীযুত চি.এইচ. বিজয় শংকৰ, মুখ্যমন্ত্ৰী শ্ৰী কনৰাড কে চাংমা, ড'নেৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত সুকান্তো মজুমদাৰ, কেন্দ্ৰীয় গৃহ সচিব শ্ৰী গোবিন্দ মোহন, আৰু ড'নেৰ মন্ত্ৰালয়ৰ সম্পাদক শ্ৰী সঞ্জয় জাজু উপস্থিত থাকে।
সভাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম, নাগালেণ্ড, আৰু ছিকিমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলৰ লগতে আন বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
উল্লেখ্য যে কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজিৰে পৰা দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূব ভ্ৰমণ কৰিছে। এই ভ্ৰমণকালত তেওঁ আজি উত্তৰ-পূব পৰিষদ (এনইচি) আৰু এনইএছএচি (নেছাক)ৰ বৈঠকৰ সভাপতিত্ব কৰে।
ইয়াৰ উপৰি গৃহমন্ত্ৰীয়ে ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্তৰ লংকামুৰা সীমান্ত চকী পৰিদৰ্শন কৰি আমাৰ সাহসী বি এছ এফৰ জোৱানসকলৰ সৈতে মত বিনিময় কৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া