
শ্ৰীভূমি, ৩০ জুন (হি.স.)। ভাংগাত ৰে'লৰ খুন্দাত
অজ্ঞাত পৰিচয় মহিলাৰ মৃত্যু।
শ্ৰীভূমিৰ ভাংগা ৰে'ল ষ্টেচনৰ সমীপত উজনি মুৱা আগৰতলা -আনন্দবিহাৰ ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত এগৰাকী অজ্ঞাত পৰিচয়কাৰী বৃদ্ধ মহিলাৰ মর্মান্তিক মৃত্যু হোৱাৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে যোৱা নিশা ৰে'ল ষ্টেচনৰ পূবফালে থকা কাজিগ্ৰাম এলেকাত এগৰাকী প্ৰায় ৬০ বছৰীয়া বৃদ্ধা মহিলা ৰেল লাইন পাৰ হোৱাৰ সময়ত শ্ৰীভূমিৰ পৰা বদৰপুৰ অভিমুখে যোৱা এক্সপ্ৰেছ ট্ৰেইনৰ খুন্দাত প্ৰায় দুশ মিটাৰ ছোচৰাই লৈ যায় বৃদ্ধ মহিলা গৰাকীক।
ঘটনাস্থলীতে মৃত্যুবৰণ কৰে।
মৃত মহিলা গৰাকীৰ পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। ঘটনাৰ খবৰ পাই ৰেল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি প্ৰয়োজনীয় আইনী প্ৰক্ৰিয়া সম্পন্ন কৰাৰ পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে শ্ৰীভূমি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বদৰপুৰ ৰে'ল আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে মৃত মহিলা গৰাকীৰ পৰিচয় উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা