
ইটানগৰ, ৩০ জুন (হি.স.)। অৰুণাচল প্ৰদেশৰ বানপানীৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ বুজ লোৱাৰ লগতে শেহতীয়া দুৰ্যোগৰ ফলত হোৱা ক্ষতিৰ পৰ্যালোচনাৰ বাবে আজি ৰাজ্যখন ভ্ৰমণ কৰে দুই কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কিৰেন ৰিজিজু।
অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে নিজৰ ছ’চিয়েল মিডিয়া পেজত এই কথা ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে অৰুণাচল প্ৰদেশলৈ কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকীক আদৰণি জনায়। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তেওঁৰ তাৎক্ষণিক ব্যক্তিগত চিন্তা আৰু সমৰ্থনৰ বাবে আন্তৰিকতাৰে ধন্যবাদ জনাইছো, লগতে পৰিস্থিতিৰ মূল্যায়নৰ বাবে ৰাজ্যখনলৈ দুজন কেন্দ্ৰীয় মন্ত্ৰী পঠোৱাৰ বাবে মই আন্তৰিকতাৰে ধন্যবাদ জনাইছো।
মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ এই ভ্ৰমণে ভাৰত চৰকাৰৰ এই প্ৰয়োজনৰ সময়ত অৰুণাচল প্ৰদেশৰ জনসাধাৰণৰ সৈতে থিয় দিয়াৰ অদম্য সংকল্প প্ৰদৰ্শন কৰিছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ