এছিয়ান গেমছ ২০২৬ৰ বাবে ঘোষণা ভাৰতীয় মহিলা ক্ৰিকেট দল, হৰমনপ্ৰীত কৌৰক অধিনায়ক হিচাপে নিযুক্তি
নতুন দিল্লী, ৩০ জুন (হি.স.)। ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ মহিলা বাছনি সমিতিয়ে ২০২৬ চনৰ ছেপ্টেম্বৰ মাহত জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছ ২০২৬ৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ কথা ঘোষণা কৰে । হৰমনপ্ৰীত কৌৰক পুনৰবাৰ অধিনায়ক
भारतीय कप्तान हरमनप्रीत कौर


নতুন দিল্লী, ৩০ জুন (হি.স.)। ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ মহিলা বাছনি সমিতিয়ে ২০২৬ চনৰ ছেপ্টেম্বৰ মাহত জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছ ২০২৬ৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ কথা ঘোষণা কৰে । হৰমনপ্ৰীত কৌৰক পুনৰবাৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে, স্মৃতি মান্ধনাক উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।

ভাৰতীয় মহিলা দলটোৱে ডিফেণ্ডিং চেম্পিয়ন হিচাপে এই প্ৰতিযোগিতাত প্ৰৱেশ কৰিব । ২০২৩ চনত চীনৰ হাংঝুত অনুষ্ঠিত এছিয়ান গেমছত মহিলা ক্ৰিকেটত স্বৰ্ণ পদক লাভ কৰি ভাৰতে ইতিহাস ৰচনা কৰিছিল । সেই সফলতাৰ পুনৰাবৃত্তিৰ উদ্দেশ্যেৰে এতিয়া দলটোৱে জাপানলৈ যাত্ৰা কৰিব ।

দলটোত অভিজ্ঞ খেলুৱৈ আৰু যুৱ প্ৰতিভাৰ মিশ্ৰণ দেখা যায় । অ’পেনাৰ শ্বাফলী ভাৰ্মা, জেমিমাহ ৰড্ৰিগেছ, দীপ্তি শৰ্মা আৰু উইকেটকীপাৰ ৰিচা ঘোষ আৰু জি কমালীনী দলৰ অংশ। বলিং বিভাগত ৰেনুকা ঠাকুৰ, অৰুন্ধতী ৰেড্ডী, ৰাধা যাদৱ, শ্ৰীণকা পাটিল, ক্ৰান্তি গৌড়, আৰু নন্দিনী শৰ্মাক অন্তৰ্ভুক্ত কৰা হৈছে।

অৱশ্যে অল ৰাউণ্ডাৰ শ্ৰীণকা পাটিলৰ নিৰ্বাচন তেওঁৰ ফিটনেছ ক্লিয়াৰেন্সৰ ওপৰত নিৰ্ভৰশীল ।

২০২৬ চনৰ এছিয়ান গেমছৰ বাবে ভাৰতীয় মহিলা দল

হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মান্ধনা (উপ অধিনায়ক), শ্বাফলী বৰ্মা, জেমিমাহ ৰড্ৰিগেছ, দীপ্তি শৰ্মা, ৰিচা ঘোষ (উইকেটকীপাৰ), জি কমালীনী (উইকেটকীপাৰ), ভাৰতী ফুলমালী, শ্ৰীণকা চৰানি, ৰেনুকা ঠাকুৰ, ক্ৰান্তি গৌড়, অৰুন্ধতী ৰেড্ডী, শ্ৰীণকা পাটিল* (ফিটনেছ ক্লিয়াৰেন্সৰ বিষয়), ৰাধা যাদৱ, নন্দিনী শৰ্মা।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande