উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মুখ্য ষ্টেচনসমূহত স্মাৰ্ট অনলাইন লিফ্ট নিৰীক্ষণ ব্যৱস্থা
গুৱাহটী, ৩০ জুন (হি.স.)। যাত্ৰী সা-সুবিধা বৃদ্ধিৰ বাবে ডিজিটেল উদ্ভাৱনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ৰঙিয়া মণ্ডলৰ অন্তৰ্গত মুখ্য ষ্টেচনসমূহত লিফ্টৰ অনলাইন নিৰীক্ষণৰ বাবে ভাৰতীয় ৰেলৱেৰ নেটিভ আইঅ’টি ভিত্তিক য়েল্ড
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মুখ্য ষ্টেচনসমূহত স্মাৰ্ট অনলাইন লিফ্ট নিৰীক্ষণ ব্যৱস্থা


গুৱাহটী, ৩০ জুন (হি.স.)। যাত্ৰী সা-সুবিধা বৃদ্ধিৰ বাবে ডিজিটেল উদ্ভাৱনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ৰঙিয়া মণ্ডলৰ অন্তৰ্গত মুখ্য ষ্টেচনসমূহত লিফ্টৰ অনলাইন নিৰীক্ষণৰ বাবে ভাৰতীয় ৰেলৱেৰ নেটিভ আইঅ’টি ভিত্তিক য়েল্ড এনালাইচিছ, টেলিমেট্ৰি, ৰেকৰ্ডিং এণ্ড কন্ট্ৰ’ল (আইআৰ-নিয়ন্ত্ৰক) ব্যৱস্থা সফলতাৰে ৰূপায়ণ কৰা হৈছে।

চেণ্টাৰ ফৰ ৰেলৱে ইনফৰ্মেচন চিষ্টেমছ (চিআৰআইএছ)ৰ দ্বাৰা বিকশিত এই ইণ্টাৰনেট অফ থিংছ (আইঅ’টি) ভিত্তিক প্লেটফৰ্মে লিফ্টৰ পৰিচালনৰ কেন্দ্ৰীভূত, বাস্তৱ সময়ভিত্তিক নিৰীক্ষণ সক্ষম কৰি নিৰ্ভৰযোগ্যতা, সুৰক্ষা আৰু পৰিচালন দক্ষতা বৃদ্ধি কৰি তুলিছে।

ভাৰতীয় ৰেলৱে নেটিভ আইঅ’টি ভিত্তিক য়েল্ড এনালাইচিছ, টেলিমেট্ৰি, ৰেকৰ্ডিং আৰু কন্ট্ৰ’ল ব্যৱস্থাই লিফ্টৰ পৰিচালনগত স্থিতিৰ অবিৰত নিৰীক্ষণ কৰি ত্ৰুটি বা অস্বাভাৱিকতা তৎক্ষণাত ধৰা পেলায় আৰু তত্বাৱধান কৰ্মীসকলৰ বাবে বাস্তৱ সময়ভিত্তিক সতৰ্কবাৰ্তা প্ৰস্তুত কৰে। এই বুদ্ধিমত্তাসম্পন্ন নিৰীক্ষণ প্লেটফৰ্মে দ্ৰুততাৰে ত্ৰুটি নিৰ্ণয়, সেৱাৰ পুনৰুদ্ধাৰ আৰু প্ৰণালীবদ্ধ প্ৰতিৰোধমূলক ৰক্ষণাবেক্ষণ সহজ কৰি ডাউনটাইম হ্ৰাস কৰাৰ লগতে যাত্ৰীসকলৰ বাবে সুৰক্ষিত, নিৰ্ভৰযোগ্য আৰু অবিৰত লিফ্ট সেৱা নিশ্চিত কৰি তোলে। এই পদ্ধতিয়ে সম্পদৰ তথ্য-আধাৰিত ব্যৱস্থাপনাকো সমৰ্থন আগবঢ়ায় আৰু ষ্টেচন আন্তঃগাঁথনিৰ সামগ্ৰিক দক্ষতা আৰু প্ৰদৰ্শন বৃদ্ধি কৰে।

ৰঙিয়া মণ্ডলৰ অন্তৰ্গত দুটা গুৰুত্বপূৰ্ণ ষ্টেচনত থকা চাৰিখন লিফ্টৰ ১০০% ৰূপায়ণৰ সৈতে প্ৰকল্পটো সফলতাৰে সম্পূৰ্ণ কৰা হৈছে। ইয়াৰে ভিতৰত নিউ বঙাইগাঁওত দুখন আৰু ৰঙিয়াত দুখন লিফ্ট অন্তৰ্ভুক্ত আছে। এই স্মাৰ্ট নিৰীক্ষণ ব্যৱস্থাৰ সফল প্ৰৱৰ্তনে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ উদ্ভাৱনী ক্ষমতা, পৰিচালনগত উৎকৰ্ষতা আৰু প্ৰযুক্তিৰ-সহায়েৰে যাত্ৰী সেৱাৰ প্ৰতি অবিৰত গুৰুত্ব প্ৰতিফলিত কৰিছে, লগতে এনে পদক্ষেপে ৰেলৱে ষ্টেচনসমূহক ক্ৰমশঃ স্মাৰ্ট, অধিক সঁহাৰিপ্ৰৱণ আৰু যাত্ৰী-অনুকূল স্থানলৈ ৰূপান্তৰিত কৰিছে, যি প্ৰতিজন যাত্ৰীক সুৰক্ষিত, সুগম আৰু অধিক আৰামদায়ক যাত্ৰা প্ৰদান কৰাৰ ভাৰতীয় ৰেলৱেৰ দৃষ্টিভংগীকে দৃঢ় কৰি তুলিছে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande