স্বাধীনোত্তৰ কালত প্ৰতিষ্ঠা কৰা শিৱসাগৰৰ এখন ব্য়তিক্ৰমী হোটেল
শিৱসাগৰ, ৩০ জুন (হি.স.)। গ্ৰাহকক দৈ, চিৰা, ক্ৰীমৰ জুতি দি অহা এখন হোটেল। সচৰাচৰ দেখা অন্য হোটেলতকৈ এই হোটেলখন ব্যতিক্ৰম। স্বাধীনতাৰ পাছৰে পৰাই থলুৱা দৈ,চিৰা,ক্ৰীমেৰে গ্ৰাহকক আকৰ্ষণ কৰি অহা হোটেল খনত দৈনিক গ্ৰাহকৰ ভিৰ। ব্ৰহ্মপুত্ৰৰ দাতিকাষৰীয়া উক্ত
স্বাধীনোত্তৰ কালত প্ৰতিষ্ঠা কৰা শিৱসাগৰৰ এখন ব্য়তিক্ৰমী হোটেল


শিৱসাগৰ, ৩০ জুন (হি.স.)। গ্ৰাহকক দৈ, চিৰা, ক্ৰীমৰ জুতি দি অহা এখন হোটেল। সচৰাচৰ দেখা অন্য হোটেলতকৈ এই হোটেলখন ব্যতিক্ৰম। স্বাধীনতাৰ পাছৰে পৰাই থলুৱা দৈ,চিৰা,ক্ৰীমেৰে গ্ৰাহকক আকৰ্ষণ কৰি অহা হোটেল খনত দৈনিক গ্ৰাহকৰ ভিৰ। ব্ৰহ্মপুত্ৰৰ দাতিকাষৰীয়া উক্ত হোটেল খনত মন্ত্ৰী বিধায়কেও জুতি লয় দৈ, চিৰা ,ক্ৰীমৰ।

স্বাধীনোত্তৰ কালত প্ৰতিষ্ঠা কৰা শিৱসাগৰৰ এখন হোটেল। শিৱসাগৰ জিলাৰ ব্ৰহ্মপুত্ৰৰ দাতিকাষৰীয়া দিচাংমুখত অৱস্থিত হোটেল খন সচৰাচৰ অন্য হোটেলতকৈ ব্যতিক্ৰম।

স্বাধীনতাৰ পাছৰে পৰাই গ্ৰাহকক দৈ, চিৰা, ক্ৰীমৰ জুতি দি আহিছে এই হোটেল খনে। স্বাধীনতাৰ পাছৰে পৰাই ভকত-বৈষ্ণৱ সকলৰ সুবিধাৰ্থে দৈ,চিৰা, ক্ৰীমেৰে গ্ৰাহকক সেৱা আগবঢ়াইছিল দিচাংমুখৰ গুপ্তা হোটেলে। বীৰেন গুপ্তা নামৰ এজন অনা অসমীয়া লোকে প্ৰতিষ্ঠা কৰা হোটেল খন গ্ৰাহকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। গুপ্তা হোটেলৰ ঘৰুৱা দৈ,চিৰা আৰু ক্ৰীমৰ জুতি নোলোৱাকৈ কোনো এজনেই উভতি নাযায়।

দিচাংমুখলৈ আহিলেই মন্ত্ৰী বিধায়কো হয় এই হোটেলৰ গ্ৰাহক । অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰাই দিচাংমুখৰ বান আৰু খহনীয়াগ্ৰস্থ অঞ্চল পৰিদৰ্শনৰ বাবে গৈ গুপ্তা হোটেলৰ দৈ ,চিৰা আৰু ক্ৰীমৰ সোৱাদ ললে । মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত ব্যক্ত কৰিলে গুপ্তা হোটেলে স্বাধীনতাৰ পাছৰ পৰাই ভকত-বৈষ্ণৱ সকলক আগবঢ়াই অহা সেৱাৰ কথা।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande