
গোলাঘাট, ৩০জুন (হি.স.)। বাদুলিপাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ব্যতিক্ৰমী পৰিৱেশ । হেলমেট পৰিধান নকৰা লোকক প্ৰদান কৰিছে হেলমেট , চিটবেল্ট পৰিধান কৰি অহা আৰু যান-বাহন আইন মানি চলা সকলক দিছে বিশেষ উপহাৰ । গোলাঘাট জিলা আইন প্ৰাধিকৰণৰ উদ্যোগত পথ সজাগতাৰ উদ্দেশ্যে আয়োজন কৰে এই বিশেষ কাৰ্যসূচীৰ ।
গোলাঘাট জিলাৰ মটৰ বাহন পৰিদৰ্শক অনন্যা দত্ত আৰু দেৰগাঁও যান-বাহন আৰক্ষীয়ে সকলোকে হেলমেট পৰিধান আৰু চিটবেল্ট লগোৱাৰ লগতে যান-বাহন আইন মানি চলাৰ বাবে জনাই বিশেষ আহ্বান । গোলাঘাট জিলা আইন প্ৰাধিকৰণৰ উদ্যোগত সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে ৰাজপথতো যান-বাহন আইন মানি চলাৰ ক্ষেত্ৰত সকলোৰে মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে । যান-বাহন আইন মানি চলি সঘনাই সংঘটিত হোৱা দুৰ্ঘটনা ৰোধৰ ক্ষেত্ৰত সকলোকে মনোনিৱেশ কৰাৰ আহ্বান বিষয়া সকলৰ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা