পাকিস্তানৰ ৰাৱালপিণ্ডিত কাৰাগাৰ ভ্যানৰ পৰা পলায়ন ১৪ জন কয়দী
ইছলামাবাদ, ৩০ জুন (হি.স.)। পাকিস্তানৰ ৰাৱালপিণ্ডিত এখন কাৰাগাৰ ভ্যানৰ পৰা পলায়ন কৰে ১৪ জন কয়দী। আৰক্ষীয়ে জনোৱা মতে, নিৰাপত্তাৰক্ষীৰ চকুত চিলি পাউদাৰ নিক্ষেপ কৰি পলায়ন কৰা কয়দীসকলক বিচাৰিছে। এই অনুসন্ধান এতিয়াও সফল হোৱা নাই। পলায়ন কৰা কয়দীসক
सांकेतिक।


ইছলামাবাদ, ৩০ জুন (হি.স.)। পাকিস্তানৰ ৰাৱালপিণ্ডিত এখন কাৰাগাৰ ভ্যানৰ পৰা পলায়ন কৰে ১৪ জন কয়দী। আৰক্ষীয়ে জনোৱা মতে, নিৰাপত্তাৰক্ষীৰ চকুত চিলি পাউদাৰ নিক্ষেপ কৰি পলায়ন কৰা কয়দীসকলক বিচাৰিছে। এই অনুসন্ধান এতিয়াও সফল হোৱা নাই। পলায়ন কৰা কয়দীসকলৰ ভিতৰত চাৰিজনক আটক কৰা হৈছে। ৰাৱালপিণ্ডিৰ কহুটা অঞ্চলত সংঘটিত হৈছে এই ঘটনা।

জিঅ’ নিউজ আৰু দুনিয়া নিউজৰ খবৰ অনুসৰি সোমবাৰে ৰাৱালপিণ্ডি আৰক্ষীৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, কহুটাৰ এখন কাৰাগাৰৰ ভ্যানৰ পৰা ১৪ জন কয়দী পলায়ন কৰাৰ পিছত আৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰি চাৰিজনক আটক কৰে। মুখপাত্ৰগৰাকীৰ মতে, ঘটনা সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা খবৰ বিচৰা হৈছে। বাকী ১০ জন কয়দীক আটক কৰাৰ বাবে বিশেষ দলে কাম কৰি আছে।

মুখপাত্ৰগৰাকীয়ে জনোৱা মতে, প্ৰাৰম্ভিক তদন্তৰ পৰা জানিব পৰা গৈছে যে এই ঘটনাৰ পূৰ্বে ভ্যানৰ ভিতৰত কয়দীসকলৰ মাজত তীব্ৰ কাজিয়া সংঘটিত হয়। আদালতত হাজিৰ হোৱাৰ পিছত কয়দীসকলক আদিয়ালা কাৰাগাৰলৈ লৈ যোৱাৰ সময়তে এই ঘটনা সংঘটিত হয়। তেওঁ কয় যে ভ্যানখন পৰীক্ষাৰ বাবে ৰখাই দিয়া হৈছিল আৰু পৰিদৰ্শনৰ সময়ত এজন কয়দীয়ে আৰক্ষীৰ চকুত জলকীয়া গুৰি দলিয়াই দিছিল।

মন কৰিবলগীয়া যে যোৱা বছৰ কৰাচীৰ মালিৰ কাৰাগাৰৰ পৰা ভূমিকম্পৰ ফলত খালী কৰাৰ সময়ত ২০০ৰো অধিক কয়দী পলায়ন কৰিছিল। ইয়াত কমেও এজন কয়দীৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো নিৰাপত্তাৰক্ষী আহত হয়। পিছত ইয়াৰে ৮০ৰো অধিক কাৰাবন্দীৰ পুনৰ বন্দী কৰা হয়।

--------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande