চান্দমাৰী মহাৰাজ পৃথ্বু উৰনীয়া সেতুত সংঘটিত পথ দুৰ্ঘটনাত এজন নিহত
গুৱাহাটী,৩০ জুন (হি.স.)। গুৱাহাটীৰ মহাৰাজা পৃথু উৰনীয়া সেতুত নিশা সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত বাইক আৰু স্কুটাৰৰ সংঘৰ্ষত এজন লোকে প্ৰাণ হেৰুৱাইছে। প্ৰাথমিক প্ৰতিবেদন অনুসৰি বৰষুণৰ সময়ত উৰণীয়া সেতুখন পিছল হৈ পৰে, ফলত বিগত সময়ত কেইবাটাও দুৰ্ঘটনা
চান্দমাৰী মহাৰাজ পৃথ্বু উৰনীয়া সেতুত সংঘটিত পথ দুৰ্ঘটনাত এজন নিহত


গুৱাহাটী,৩০ জুন (হি.স.)। গুৱাহাটীৰ মহাৰাজা পৃথু উৰনীয়া সেতুত নিশা সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত বাইক আৰু স্কুটাৰৰ সংঘৰ্ষত এজন লোকে প্ৰাণ হেৰুৱাইছে। প্ৰাথমিক প্ৰতিবেদন অনুসৰি বৰষুণৰ সময়ত উৰণীয়া সেতুখন পিছল হৈ পৰে, ফলত বিগত সময়ত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে।

শেহতীয়া ঘটনাত যোৱা নিশা ফ্লাই অভাৰত এখন বাইক আৰু এখন স্কুটাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাটোৰ ফলত দুয়োখন দুচকীয়া বাহনৰ আৰোহী সেতু খনৰ ওপৰত চিটিকি পৰে। এজন লোক থিতাতে নিহত হয়। নিহত লোকজনক নূনমাটিৰ বাসিন্দা পৰিমল মেধি বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande