কামৰূপৰ পিজুপাৰাত অবৈধ গোধন আৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে নগৰবেৰা আৰক্ষীৰ অভিযান
কামৰূপৰ পিজুপাৰাত অবৈধ গোধন আৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে নগৰবেৰা আৰক্ষীৰ সফল অভিযান৷
কামৰূপৰ পিজুপাৰাত অবৈধ গোধন আৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে নগৰবেৰা আৰক্ষীৰ অভিযান


কামৰূপ, ৩০ জুন (হি.স.): কামৰূপৰ পিজুপাৰাত অবৈধ গোধন আৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে যোৱা কালি সোমবাৰে নিশা নগৰবেৰা আৰক্ষীয়ে সফল অভিযান চলায় ৷ জানিব পৰা মতে, গোৱালপাৰা জিলাৰ ধুপধৰা সপ্তাহিক বজাৰৰ পৰা গোধন কেইটা ক্ৰয় কৰে আৰু পিজুপাৰা হৈ কল্যানপুৰ লৈ নি থকা অৱস্থাতে আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই পিজুপাৰাৰ পৰা ৭ টা গোধনসহ এজন বেপাৰী আৰু এজন চালকসহ দুজন লোকক আটক কৰে৷ নিৰ্দিষ্ট তথ্য পাতি নথকাৰ বাবেই গোধন সমূহ জব্দ কৰা হয়।

আৰক্ষীয়ে অভিযানত এএছ ০১ এনচি ৮৯২৩ নম্বৰৰ টাটা মেজিক গাড়ী এখন গোধনসহ জব্দ কৰে ৷ ধৃত জমীৰ আলী গোধন ব্যৱসায়ী হোৱাৰ লগতে ওৱাহিদুৰ আলী গাড়ী চালক বুলি জানিব দিয়ে৷ ইতিমধ্যেই আৰক্ষীয়ে গোধন কেইটা গোশাললৈ আৰু ধৃত ব্যক্তি দুজনক ন্যায়িক জিন্মালৈ প্ৰেৰণৰ যোজা চলোৱা বুলি আৰক্ষীয়ে জানিব দিয়ে৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande