
চৰাইদেউ, ৩০ জুন (হি.স.)। সোণাৰিৰ বৰহাটত ভয়ংকৰ পথ দূৰ্ঘটনা। ধনেখনা চাহ বাগিছা তিনিআলিত ৰখাই থোৱা ডাম্পাৰত খুন্দা মাৰি তিনি বাইক আৰোহী থিতাতে নিহত।নিহত বাইক আৰোহী কেইজন হল গৌৰৱ টুডু,সুৰয ভূমিজ আৰু ইয়াকুব টপ্ন।
একেখন বাইকতে মুঠ চাৰিজন উঠি আহিছিল।তিনিজন বাইক আৰোহীৰ ঘটনাস্হলীতে নিহত হোৱাৰ লগতে চতুৰ্থ জন বাইক আৰোহীক সংকটজনক অৱস্থাত ডিব্ৰুগড় লৈ প্ৰেৰণ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা