
দৰং, ৩০ জুন (হি.স.)। মঙলদৈত চৰকাৰী কামৰ নমুনা।
দহ মাহ নহওঁতেই ভাঙিল কাঠৰ দলং।
এটা বছৰো অতিক্ৰম কৰিব নোৱাৰিলে ১২ লাখ টকাৰে নিৰ্মিত দলং কাঠৰ খনে।
মঙলদৈ সমষ্টিৰ অন্তৰ্গত যোগীপাৰা ৰাইজৰ ব্যাপক ক্ষোভ।
উপায়ন্তৰ ৰাইজে নিজেই মেৰামতি কৰিলে ভঙা দলং খন।
পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত পশ্চিম মঙলদৈ উন্নয়ন খণ্ডৰ পৰা ২০২৫ চনৰ ২৬ আগষ্ট তাৰিখে শাকতোলা নদীৰ ওপৰত যোগীপাৰা সংযোগী এইখন দলং নিৰ্মান কৰা হৈছিল।
যোগীপাৰা অঞ্চলৰ প্ৰায় ২০০ পৰিয়ালক সংযোগ কৰাৰ বাবে পূৰ্বে আছিল এখন বাঁহৰ দলং। উক্ত বাঁহৰ দলং খনো বছৰে বছৰে গাঁওবাসীয়ে নিজেই নিৰ্মান কৰি গৈছিল।
অৱশেষত ৰাইজৰ অনুৰোধত পূৰ্বৰ বিধায়ক বসন্ত দাসে ১২ লাখ টকা আৱন্টন দিছিল দলং খন নিৰ্মাণৰ বাবে।
কিন্তু ঠিকাদাৰ, বিষয়া কৰ্মচাৰীয়ে অধিক লাভৰ আশাত নিম্নমানৰ কাঠ ব্যৱহাৰ কৰি ৰাতিৰ ভিতৰতে নিৰ্মাণ কৰে দলং খন।
যাৰ ফলত দহ মাহ সম্পূৰ্ণ নহওঁতে দলং খনৰ কাঠ সমুহ ভাঙি যায়।
এতিয়া ৰাইজে দলং খন নিৰ্মাণকলৈ হোৱা গাফিলটিৰ তদন্ত বিচাৰিছে।
লগতে বৰ্তমানৰ বিধায়ক তথা মন্ত্ৰী নীলিমা দেৱীক এবাৰ দলং খন চাই যাবলৈও অনুৰোধ জনাইছে ৰাইজে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা