তেজপুৰত মাধৱদেৱ কলা নিকেতন ৰ উদ্যোগত ২০ দিনীয়া গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালা ৰ শুভাৰম্ভ
শোণিতপুৰ, ৩০ জুন (হি.স.)। তেজপুৰৰ মাধৱদেৱ কলা নিকেতন ৰ উদ্যোগত আৰু তেজপুৰৰ নিকটৱৰ্তী ডেকাৰ গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত বিদ্যালয়ৰ গ্ৰীষ্মকালীন বন্ধৰ লগত সংগতি ৰাখি কাইলৈৰ পৰা ২০ জুলাইলৈকে অনুষ্ঠিত হ''ব লগা গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালা
গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালা


শোণিতপুৰ, ৩০ জুন (হি.স.)। তেজপুৰৰ মাধৱদেৱ কলা নিকেতন ৰ উদ্যোগত আৰু তেজপুৰৰ নিকটৱৰ্তী ডেকাৰ গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত বিদ্যালয়ৰ গ্ৰীষ্মকালীন বন্ধৰ লগত সংগতি ৰাখি কাইলৈৰ পৰা ২০ জুলাইলৈকে অনুষ্ঠিত হ'ব লগা গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালাৰ আজি তেজপুৰৰ নাটশিল্প ক্ষেত্ৰখনৰ সৈতে জড়িত বিশিষ্ট ব্যক্তি সকলৰ উপস্থিতিত শুভাৰম্ভণি অনুষ্ঠান সম্পন্ন হয় ।

উল্লেখ্য যে ডেকাৰ গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞানৰ শিক্ষক তথা ,সংগীতশিল্পী তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধিনস্হ চি চি আৰ টিৰ দ্বাৰা মুখাশিল্পী হিচাপে স্বীকৃতি প্ৰাপ্ত ময়ূৰ কাঞ্চন বৰা অধ্যক্ষ হিচাপে থকা মাধৱদেৱ কলা নিকেতন ৰ এই উদ্যোগৰ প্ৰতি সঁহাৰি জনাই বিদ্যালয় কৰ্তৃপক্ষই শিক্ষাৰ্থী সকলক উদ্বুদ্ধ কৰি ২০ দিনীয়াকৈ আয়োজন কৰা এই কৰ্মশালাখনৰ শুভাৰম্ভণি অনুষ্ঠান আজি নটৰাজৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাৰ লগতে তেজপুৰৰ জ্যেষ্ঠ অভিনেতা -পৰিচালক তথা অসমীয়া ক্লাবৰ সম্পাদক ভূপেন শৰ্মা আৰু তেজপুৰৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা প্ৰাক্তন ছাত্ৰ নেতা শান্তনু মহন্ত ,স্হানীয় অভিনেতা মৃণাল বৰুৱা আৰু বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী দীপালী দাসে ।

আনহাতে ইয়াৰ পিছতেই বিদ্যালয়খনৰ অধ্যক্ষা গীতাৰাণী মালীৰ পৌৰোহিত্যত অনুষ্ঠিত শুভাৰম্ভণি অনুষ্ঠানত উদ্দেশ্য ব্যাখ্যা কৰে মাধৱদেৱ কলা নিকেতনৰ অধ্যক্ষ ময়ূৰ কাঞ্চন বৰাই ।বিদ্যালয়খনৰ শিক্ষয়িত্ৰী কাবেৰী বৰুৱা আৰু শিক্ষক দীপক শৰ্মাই আঁত ধৰা আৰু বাহাৰুল ইছলামে আদৰণী ভাষণ আগবঢ়োৱা অনুষ্ঠানটিত বংকিম শৰ্মা ,ভূপেন শৰ্মা আৰু শান্তনু মহন্তৰ লগতে তেজপুৰ বিশিষ্ট নাট্যশিল্পী তথা নাট্যানুষ্ঠান জংগম ৰ সম্পাদক অলক নাথে ভাষণ আগবঢ়াই মাধৱদেৱ কলা নিকেতনৰ এনে প্ৰয়াসৰ শলাগ লৈ চহৰৰ পৰা দূৰৈৰ নতুন প্ৰজন্মক নাটশিল্পৰ প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা অতি আদৰণীয় বুলি মন্তব্য কৰে। উল্লেখ্য যে বিদ্যালয়খনৰ সকলো শিক্ষক -শিক্ষয়িত্ৰীৰ লগতে নাটশিল্পৰ প্ৰতি অনুৰক্ত ৰুবু কলিতা ,নিপন কটকী সমাজকৰ্মী উৎপল বৰুৱা আদিৰ উপস্থিতিত এই অনুষ্ঠানটিত অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি তথা জনপ্ৰিয় অভিনেতা মৃগেন চন্দ্র বড়াই শকুনিৰ প্ৰতিশোধ নাটকৰ সংলাপেৰে জীপাল কৰি তোলে ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande