
নগাঁৱ, ৩০ জুন (হি.স.)। নগাঁৱৰ কলেজ অৱ এডুকেশ্বনত সম্বৰ্ধনা অনুষ্ঠান। অনুষ্ঠানটোত নগাঁও সদৰ সমষ্টিৰ পৰা তৃতীয়বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা ৰূপক শৰ্মাক সম্বৰ্ধনা জনোৱা হয়। উক্ত অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে ৰূপক শৰ্মা উপস্থিত থকাৰ উপৰিও, ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদৰ অধ্যক্ষ , কলেজ অৱ এডুকেশ্বনৰ অধ্যক্ষ ড° মানশিখা বৰুৱাৰ লগতে আন আন গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে ।
তাৰোপৰি অনুষ্ঠানটোত কলেজ অৱ এডুকেশ্বনৰ সমূহ বিষয়ববীয়া সকলৰ উপস্থিতিত বিধায়ক গৰাকীক সম্বৰ্ধনা জনোৱা হয়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু