
নগাঁও, ৩০ জুন (হি.স.)। নগাঁও জিলাৰ ৰাইডঙীয়া ফুলগুৰিত জাপানীজ এনকেফেলাইটিছ (JE)-ৰ প্ৰাদুৰ্ভাৱক কেন্দ্ৰ কৰি উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হৈছে।
ইতিমধ্যে গাঁওখনৰ এজন ব্যক্তি এই ৰোগত আক্ৰান্ত হোৱাৰ পিছতে স্বাস্থ্য বিভাগ তৎপৰ হৈ পৰিছে।
ৰাইডঙীয়া ফুলগুৰিৰ হলিৰাম পাটৰ নামৰ এজন ব্যক্তি জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে।
উক্ত ঘটনাৰ পিছতে অঞ্চলটোত আতংক আৰু শংকাৰ সৃষ্টি হৈছে।
স্বাস্থ্য বিভাগৰ একাধিক বিষয়াই আক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ৰোগ প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে।
ইতিমধ্যে অঞ্চলটোত ফগিং, ঔষধ স্প্ৰে, আঠুৱা ঔষধিকৰণ আৰু সজাগতামূলক কাৰ্যসূচী আৰম্ভ কৰা হৈছে।
ৰাইজক পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা, জমা পানী নথকাকৈ ৰখা, মহৰ কামোৰৰ পৰা সাৱধান হোৱা আৰু স্বাস্থ্যবিধি মানি চলিবলৈ আহ্বান জনাইছে স্বাস্থ্য বিভাগে।
স্বাস্থ্য বিভাগে যিকোনো জ্বৰ, মূৰৰ বিষ বা অস্বাভাৱিক লক্ষণ দেখা দিলে তৎক্ষণাত নিকটৱৰ্তী স্বাস্থ্য কেন্দ্ৰত যোগাযোগ কৰিবলৈও ৰাইজক আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা