গোগামুখত বিভিন্ন প্ৰান্তত পথ যোগাযোগ ব্যাঘাত
ধেমাজি, ৩০ জুন (হি.স.)। গোগামুখত বিভিন্ন প্ৰান্তত পথ যোগাযোগ ব্যাঘাত। গোগামুখত আজি জীয়াঢ়ল ,কুমটীয়া , ন- নদীৰ পানী সামান্য পৰিমাণে কমিছে যদিও বান বিভীষিকা আতৰাই গাঁৱ সমূহত। গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় ১৫ খনৰো অধিক গাঁৱত জল মগ্ন হৈ আছে। বান
গোগামুখত বিভিন্ন প্ৰান্তত পথ যোগাযোগ ব্যাঘাত


ধেমাজি, ৩০ জুন (হি.স.)। গোগামুখত বিভিন্ন প্ৰান্তত পথ যোগাযোগ ব্যাঘাত।

গোগামুখত আজি জীয়াঢ়ল ,কুমটীয়া , ন- নদীৰ পানী সামান্য পৰিমাণে কমিছে যদিও বান বিভীষিকা আতৰাই গাঁৱ সমূহত।

গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় ১৫ খনৰো অধিক গাঁৱত জল মগ্ন হৈ আছে।

বানাক্ৰান্ত এলেকাৰ সহস্ৰাধিক পৰিয়ালৰ খাদ্য , খোৱা পানীৰ অভাৱত হাহাকাৰ ।

খাদ্যৰ অভাৱত পশুধনৰো বিলাই বিপত্তি নোহোৱা হৈছে।

চুতীয়াকাৰী, ৰতোৱা,লেজুৱা,বাদলুকা ,চুতীয়াকাৰী ,কমাচলা, টেঙাগড়া, ফুলবাৰী, বৰদৈবাম গৰৈমাৰী, বৰদৈবাম বেতনিহোলা আদি গাঁৱৰ ৰাইজৰ ঘৰ সমূহত বোকা পানী উপচি পৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande