অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে ৰাজ্যজুৰি ‘মিছন মুড’ত বন বিভাগ
“এটা সপ্তাহৰ ভিতৰত ১০০ শতাংশ অবৈধ কাঠফলা মিল বন্ধ হ’ব লাগিব” — বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱা গুৱাহাটী, ৩০ জুন (হি.স.)। ৰাজ্যখনৰ বনজ সম্পদ সংৰক্ষণ, জৈৱ-বৈচিত্ৰ্য ৰক্ষা আৰু চোৰাং কাঠৰ বেহা সম্পূৰ্ণৰূপে ৰোধ কৰাৰ লক্ষ্যৰে সমগ্ৰ অসমতে অবৈধ কাঠফলা মিলৰ বি
অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে ৰাজ্যজুৰি ‘মিছন মুড’ত বন বিভাগ


“এটা সপ্তাহৰ ভিতৰত ১০০ শতাংশ অবৈধ কাঠফলা মিল বন্ধ হ’ব লাগিব” — বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

গুৱাহাটী, ৩০ জুন (হি.স.)। ৰাজ্যখনৰ বনজ সম্পদ সংৰক্ষণ, জৈৱ-বৈচিত্ৰ্য ৰক্ষা আৰু চোৰাং কাঠৰ বেহা সম্পূৰ্ণৰূপে ৰোধ কৰাৰ লক্ষ্যৰে সমগ্ৰ অসমতে অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে ‘মিছন মুড’ত এক ব্যাপক অভিযান আৰম্ভ কৰিছে বন বিভাগে। এই সন্দৰ্ভত বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এক ফেচবুক লাইভযোগে জানিবলৈ দিয়ে যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ নিৰ্দেশ মৰ্মে বিভাগে ইতিমধ্যে ৰাজ্যজুৰি এই তীব্ৰ কাৰ্যপন্থা হাতত লৈছে।

মন্ত্ৰী বৰুৱাই কয় যে ৰাজ্যৰ প্ৰতিগৰাকী ডিভিজনেল ফৰেষ্ট অফিচাৰ (DFO), ৰেঞ্জ অফিচাৰ আৰু সংশ্লিষ্ট বিষয়াক নিজ নিজ এলেকাত থকা সকলো অবৈধ কাঠফলা মিল অতি শীঘ্ৰে জব্দ কৰি বন্ধ কৰিবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। ইয়াৰ লগতে অভিযানৰ অগ্ৰগতিৰ দৈনিক প্ৰতিবেদন, জিঅ’ টেগযুক্ত আলোকচিত্ৰ আৰু ৰেঞ্জভিত্তিক তথ্য নিয়মীয়াকৈ বিভাগলৈ প্ৰেৰণ কৰাটো বাধ্যতামূলক কৰা হৈছে।

মন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে সকীয়াই দিয়ে যে নিৰ্ধাৰিত সময়সীমাৰ পিছতো যদি কোনো এলেকাত অবৈধ কাঠফলা মিল সক্ৰিয় হৈ থকা ধৰা পৰে, তেন্তে সংশ্লিষ্ট ডিএফঅ, ৰেঞ্জ অফিচাৰ আৰু দায়িত্বপ্ৰাপ্ত বিষয়াগৰাকী ইয়াৰ বাবে পোনপটীয়াকৈ জগৰীয়া হ’ব আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰ বিভাগীয় অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

কেৱল অবৈধই নহয়, বৈধ কাঠফলা মিলসমূহতো চৰকাৰীভাৱে অনুমোদিত যন্ত্ৰপাতিৰ ব্যৱহাৰ, বৈধ ট্ৰেঞ্জিট পাছ (টি পি), জিএছটি (জি এছ টি) পৰিশোধ আৰু ই-ৱে বিল আদি সকলো যাৱতীয় নথি-পত্ৰ তন্ন-তন্নকৈ পৰীক্ষা কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।

মন্ত্ৰী বৰুৱাই লগতে জানিবলৈ দিয়ে যে কেৱল অবৈধ মিলৰ ওপৰতেই নহয়, বৈধ নথিপত্ৰ অবিহনে চোৰাং কাঠ ক্ৰয় বা ব্যৱহাৰ কৰা 'এণ্ড ইউজাৰ' অৰ্থাৎ চূড়ান্ত ব্যৱহাৰকাৰীসকলৰ বিৰুদ্ধেও আইন অনুসৰি কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব।

ৰাজ্যবাসীক এই অভিযানত সক্ৰিয় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই মন্ত্ৰীবৰুৱাই কয় যে য’তেই অবৈধ কাঠফলা মিল বা বনজ সম্পদৰ অবৈধ সৰবৰাহৰ তথ্য লাভ কৰে, তৎক্ষণাত বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰক। এই উদ্দেশ্যে বিশেষভাৱে ৯৪৩৫২-০৪৪৪৪ নম্বৰটো মুকলি কৰা হৈছে। এই নম্বৰত ফটো আৰু তথ্য প্ৰেৰণ কৰিলে অভিযোগকাৰীৰ পৰিচয় সম্পূৰ্ণ গোপনে ৰখা হ'ব বুলি তেওঁ দৃঢ় আশ্বাস প্ৰদান কৰে।

শেষত মন্ত্ৰী বৰুৱাই দোহাৰে যে অসমৰ বনাঞ্চল সংৰক্ষণত চৰকাৰে সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছে। ৰাজ্যখনৰ প্ৰাকৃতিক সম্পদ সুৰক্ষিত ৰখাৰ স্বাৰ্থত অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে এই অভিযান পূৰ্ণোদ্যমে অব্যাহত থাকিব আৰু কোনো ধৰণৰ গাফিলতি বা আপোচ সহ্য কৰা নহ'ব।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande