বোকাখাতত মিচিং জিৰণি চ'ৰা ভৱন উদ্বোধন
গোলাঘাট, ৩০ জুন (হি.স.)। মিচিং স্বায়ত্ব শাসিত পৰিষদৰ দ্বাৰা নিৰ্মিত বোকাখাতত মিচিং জিৰণি চ''ৰা ভৱন উদ্বোধন । মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চাৰিঙিয়াই উদ্বোধন কৰে ভৱনটো । নৱ নিৰ্মিত মিচিং জিৰণি চ''ৰাত ৬ টা শীত তাপ নিয়ন
বোকাখাতত মিচিং জিৰণি চ'ৰা ভৱন উদ্বোধন


গোলাঘাট, ৩০ জুন (হি.স.)। মিচিং স্বায়ত্ব শাসিত পৰিষদৰ দ্বাৰা নিৰ্মিত বোকাখাতত মিচিং জিৰণি চ'ৰা ভৱন উদ্বোধন ।

মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চাৰিঙিয়াই উদ্বোধন কৰে ভৱনটো । নৱ নিৰ্মিত মিচিং জিৰণি চ'ৰাত ৬ টা শীত তাপ নিয়ন্ত্ৰীত কোঠা, সভাগৃহকে ধৰি অন্যান্য সা-সুবিধা উপলবদ্ধ ।

বোকাখাত নগৰৰ ২ নং ৱাৰ্ডত নিৰ্মিত জিৰণি চ'ৰাটোৰ উদ্বোধনী অনুষ্ঠানত বোকাখাত জেডিএছজি মহাবিদ্যালয়ৰ অধ্যক্ষকে প্ৰমুখ্যে বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande