বিটিচিৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কাৰ্যবাহী সদস্য লক্ষী দাসৰ কোকৰাঝাৰত চাডেন ভিজিট
কোকৰাঝাৰ, ৩০ জুন (হি.স.)। বিটিচিৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কাৰ্যবাহী সদস্য লক্ষী দাসৰ কোকৰাঝাৰত চাডেন ভিজিট । কোকৰাঝাৰ সদৰ চহৰৰ হোটেল , ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ পৰিৱেশত প্ৰস্তুত কৰা বিভিন্ন প্ৰকাৰৰ খাদ্য-সামগ্ৰী, শীতল পানীয়ৰ লগতে গেলা-মালৰ ও
বিটিচিৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কাৰ্যবাহী সদস্য লক্ষী দাসৰ কোকৰাঝাৰত চাডেন ভিজিট


কোকৰাঝাৰ, ৩০ জুন (হি.স.)। বিটিচিৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কাৰ্যবাহী সদস্য লক্ষী দাসৰ কোকৰাঝাৰত চাডেন ভিজিট । কোকৰাঝাৰ সদৰ চহৰৰ হোটেল , ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ পৰিৱেশত প্ৰস্তুত কৰা বিভিন্ন প্ৰকাৰৰ খাদ্য-সামগ্ৰী, শীতল পানীয়ৰ লগতে গেলা-মালৰ ওপৰত তন্ন তন্ন পৰীক্ষা কাৰ্যবাহী সদস্য লক্ষী দাসৰ ৷

হোটেল ব্যৱসায়ী, গেলা-মালৰ দোকানীৰ লগতে বিভিন্ন ব্ৰেন্ডৰ শীতল পানীয়ৰ গুদামত অভিযান চলাই ম্যাদ উকলি যোৱা খাদ্য-সামগ্ৰী বিক্ৰী কৰা ব্যৱসায়ী সকলক কঠোৰ সকিয়নী ৷অন্যথা আইন অনুসৰি শাস্তি লবৰ বাবে সাজু থকাৰ বাবেও ধমক ৷কেবাটাও ৰঙা চিলিণ্ডাৰ উদ্ধাৰ, ম্যাদ উকলি যোৱা খাদ্য সামগ্ৰী জব্দ । বিটিচিৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কাৰ্যবাহী সদস্য লক্ষী দাসৰ সঁকিয়নী।মূল্যবৃদ্ধি নকৰিব , ব্যৱসায়িক প্ৰতিষ্ঠানত ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ নকৰিব । ম্যাদ উকলি যোৱা খাদ্য সামগ্ৰী বিক্ৰী নকৰিব। বিটিচিৰ পাঁচখন জিলাতে চাডেন ভিজিট দিয়া হ'ব ।উল্লেখ্য যে মংগলবাৰে কাৰ্যবাহী সদস্য লক্ষী দাসে লগত খাদ্য সুৰক্ষা বিভাগ, অসামৰিক যোগান বিভাগৰ মূৰব্বী বিষয়া, পৰিদৰ্শকক লগত লৈ চহৰখনৰ প্ৰতিষ্ঠিত এলএমবি, এইচএমবি আদি হোটেলৰ পৰিৱেশ স্বচক্ষে নিৰীক্ষণ কৰাৰ লগতে দোকানে দোকানে অভিযান চলাই ক্ৰেতা তথা সাধাৰণ ৰাইজক ফাঁকি দি ম্যাদ উকলি যোৱা খাদ্য-সামগ্ৰী বিক্ৰী কৰা ব্যৱসায়ী সকলৰ বিৰুদ্বে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হব বুলিও স্পষ্টভাৱে জনাই দিয়া পৰিলক্ষিত হয় ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande