
বৰপেটা, ৩০ জুন (হি.স.)। বৰপেটাবাসীৰ লগতে অসমৰ চলচ্ছিত্ৰ জগতৰ বাবে এটা ভাল খবৰ |
বৰপেটাত ৩ জুলাইত মুকলি হব 'ইউ কে চিনেমাজ' নামৰ এটা অত্যাধুনিক চিনেমা হল |
আটাইতকৈ ভাল লগা কথাটো হ'ল “ককা দেউতা নাতি আৰু হাতী–২” নামৰ অসমীয়া চলচ্ছিত্ৰখন প্ৰদৰ্শণেৰে মুকলি হব চিনেমা হলটো |
“ককা দেউতা নাতি আৰু হাতী–২”ৰ প্ৰচাৰৰ বাবে বৰপেটাত উপস্থিত হৈছিল যতীন বৰা, প্ৰীতি কংকনা, তৰালী শৰ্মাকে ধৰি চলচ্ছিত্ৰখনৰ সৈতে জৰিত টীমটো |
চলচ্ছিত্ৰখনৰ প্ৰচাৰৰ মাজতে চিনেমা হলটো মুকলিৰ কথা ঘোষণা কৰে টীম ককা দেউতা নাতি আৰু হাতী–২. 'ৰ শিল্পীসকলে |
বিগ বাজেটৰ বহুল প্ৰতীক্ষিত অসমীয়া ছবি “ককা দেউতা নাতি আৰু হাতী–২”ৰ প্ৰচাৰৰ উদ্দেশ্যে সোমবাৰে বৰপেটাৰ নতুনকৈ উদ্বোধন কৰা 'ইউ কে চিনেমাজ' (UK Cinemas)ত উপস্থিত জনপ্ৰিয় অভিনেতা যতীন বৰা, অভিনেত্ৰী প্ৰীতি কংকনা, কণ্ঠশিল্পী তৰালী শৰ্মাকে ধৰি ছবিখনৰ কলা-কুশলীসকলে ছবিখন চাবলৈ ৰাইজৰ প্ৰতি আহ্বীন জনায় ।
অনুষ্ঠানত উপস্থিত হৈ সাংবাদিকৰ আগত অভিনেতা যতীন বৰাই কয় যে বৰপেটাত আধুনিক চিনেমা হল স্থাপন হোৱাটো অত্যন্ত আনন্দৰ বিষয়। থিয়েটাৰ আৰু চলচ্চিত্ৰৰ সৈতে তেওঁৰ বহু স্মৃতি জড়িত বুলি উল্লেখ কৰি তেওঁ কয় যে “ককা দেউতা নাতি আৰু হাতী–২” এখন মানসম্পন্ন ছবি, য’ত প্ৰযোজনা, পৰিচালনা আৰু অভিনয়ৰ প্ৰতিটো ক্ষেত্ৰতে পেছাদাৰীভাৱে কাম কৰা হৈছে। ছবিখনে দৰ্শকক অতীতৰ বহু স্মৃতি মনত পেলাব আৰু নতুন প্ৰজন্মকো অসমীয়া চিনেমাৰ এক বিশেষ অধ্যায়ৰ সৈতে পৰিচয় কৰাই দিব বুলিও তেওঁ মন্তব্য কৰে। লগতে সকলোকে চিনেমা হলত গৈ ছবিখন চাবলৈ আহ্বান জনায়।
অভিনেত্ৰী প্ৰীতি কংকনাই বৰপেটালৈ আহি সদায় ভাল লাগে বুলি উল্লেখ কৰি কয় যে ইয়াৰ ৰাইজৰ মৰম, স্নেহ আৰু আশীৰ্বাদে তেওঁক সদায় আপ্লুত কৰে। তেওঁ কয় যে নতুনকৈ স্থাপিত 'ইউ কে চিনেমাজ'ৰ সমুখত ছবিখনৰ প্ৰচাৰ চলাবলৈ পাই তেওঁলোক আনন্দিত। বৰপেটাত আধুনিক চিনেমা হল স্থাপন হোৱাটো অঞ্চলটোৰ বাবে এক ঐতিহাসিক মুহূৰ্ত বুলিও তেওঁ অভিহিত কৰে।
তেওঁ লগতে কয় যে 'ইউ কে চিনেমাজ'ত মুক্তি পাবলগীয়া প্ৰথমখন ছবিয়েই হৈছে “ককা দেউতা নাতি আৰু হাতী–২”। বহু বছৰৰ পাছত এখন জনপ্ৰিয় অসমীয়া ছবিৰ ছিকুৱেল নিৰ্মাণ হোৱাটো গৌৰৱৰ বিষয় বুলি উল্লেখ কৰি তেওঁ কয় যে ছবিখন উচ্চ মানদণ্ডেৰে নিৰ্মাণ কৰা হৈছে আৰু ই নিশ্চয় অসমীয়া দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হ’ব।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা