বান সমস্যাৰ দীৰ্ঘম্যাদী প্ৰতিকাৰৰ বাবে অসমে সমন্বিত বান নিয়ন্ত্রণ কাৰ্যসূচীৰে আগবাঢ়িছেঃ ৰাজ্যিক বিজেপি
গুৱাহাটী ৩০ জুন (হি.স.)। অসমৰ বানপানীৰ সমস্যা কেৱল অসমত উদ্ভুত সমস্যা নহয়, দৰাচলতে ই হ''ল হিমালয় পর্বতমালাৰ পৰা প্ৰবাহিত নদীসমূহৰ দ্বাৰা সৃষ্ট এক সামগ্রিক সমস্যা। বিগত প্রায় ৭ দশক ধৰি অসমৰ বানপানীৰ সমস্যাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহ মথা
বিজেপিৰ দলীয় পতাকা


গুৱাহাটী ৩০ জুন (হি.স.)। অসমৰ বানপানীৰ সমস্যা কেৱল অসমত উদ্ভুত সমস্যা নহয়, দৰাচলতে ই হ'ল হিমালয় পর্বতমালাৰ পৰা প্ৰবাহিত নদীসমূহৰ দ্বাৰা সৃষ্ট এক সামগ্রিক সমস্যা। বিগত প্রায় ৭ দশক ধৰি অসমৰ বানপানীৰ সমস্যাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহ মথাউৰি নিৰ্মাণ, ঠাই বিশেষে নদীৰ খনন, পুনৰ সংস্থাপন, খহনীয়া নিয়ন্ত্ৰণ আৰু বানপীড়িত লোকৰ সাহায্য প্রদানতেই সীমাবদ্ধ আছিল।

ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনৰ পৰা প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত বিজেপিৰ মুখপাত্র মিতা নাথ বৰাই কয় যে অসমৰ বান সমস্যাৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰণ আছে। তিব্বতৰ পৰা আৰম্ভহোৱা ব্ৰহ্মপুত্ৰৰ জল প্রবাহে পৃথিৱীৰ ভিতৰত সৰ্বাধিক বালি-শিলৰ গেদ কঢ়িয়ায়। নদীৰ বুকুত এই উচ্চ পৰিমাণৰ গেদ জমা হোৱাৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহৰ তলি উফন্দী উঠাৰ ফলত এই নৈ-উপনৈ সমূহৰ পানী ধাৰণ ক্ষমতা দ্রুত গতিত হ্রাস পাইছে। আমাৰ চুবুৰীয়া দেশ ভূটানৰ উপৰিও চুবুৰীয়া ৰাজ্য অৰুণাচল প্রদেশ, মেঘালয়, নাগালেণ্ড আদিৰ পৰা ৫০ খনতকৈ অধিক নদী অসমৰ মাজেৰে প্রবাহিত হৈছে। বাৰিষা কালত হঠাতে হোৱা বতৰৰ পৰিৱৰ্তন আৰু ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা উচ্চ পৰিমাণৰ বৰষুণৰ ফলত এই নদীসমূহে ক্ষন্তেকৰ ভিতৰতে নিজৰ বহন ক্ষমতাতকৈ অধিক পৰিমাণৰ পানী ব্রহ্মপুত্র উপত্যকালৈ কঢ়িয়াই অনাৰ ফলত ৰাজ্যখনে অনাকাংশিত পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়। ব্রহ্মপুত্র নদীয়ে সঘনাই কৰা সোঁতৰ পৰিৱৰ্তন আৰু খহনীয়াৰ ফলত ৰাজ্যখনে বছৰি কেইবা হাজাৰ হেক্টৰ মাটিও হেৰুৱাবলগীয়া হয়।

মুখ্যপাত্ৰ বৰাই কয় যে, অসমত স্বাভাৱিক পৰিমাণৰ বৰষুণ হৈ থকা স্বত্বেও শেহতীয়াকৈ অৰুণাচল প্রদেশ, ভূটান আৰু তিব্বতত হোৱা অস্বাভাৱিক বৰষুণে অসমৰ বান পৰিস্থিতি জটিল কৰি তুলিছে। আনহাতে নগৰ-চহৰৰ সম্প্ৰসাৰণেও আমাৰ প্ৰাকৃতিক জলাধাৰবোৰৰ সংখ্যা হ্রাস কৰাৰ ফলত বাৰিষাকালত চহৰাঞ্চল বিশেষকৈ গুৱাহাটী মহানগৰীৰ কৃত্রিম বানেও জন জীৱন বিপর্যস্ত কৰি তোলে। অন্য এক গুৰুত্বপূর্ণ কথা হ'ল চীন, ভূটান আৰু স্বাধীনোত্তৰ কালত ভাৰতবৰ্ষত নির্মিত জলবিদ্যুৎ প্রকল্পসমূহ কেৱল বিদ্যুৎ উৎপাদনৰ কাৰণেই নিৰ্মাণ কৰা হ'ল। ইয়াৰ লগত বান প্ৰতিৰোধৰ ব্যৱস্থাসমূহ বা প্ৰকল্পৰ নামনি অংশৰ পাৰিপাৰ্শ্বিকতাত পৰিব পৰা প্ৰভাৱ সমূহৰ ওপৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ কুফলো ৰাজ্যখনে ভূগিবলগীয়া হৈছে। নদীসমূহৰ উজনি অংশত নির্মিত জলবিদ্যুৎ প্রকল্পসমূহক যদিহে বিজ্ঞানসন্মতভাবে বহুমুখী প্রকল্প হিচাপে নিৰ্মাণ কৰা হ'লহেতেন তেনেহ'লে হয়তো ইয়াৰ দ্বাৰা বানপানী প্ৰতিৰোধ কৰাতো কিছু পৰিমাণে হ'লেও সম্ভৱ হ'লহেতেন।

ৰাজ্যখনৰ মুঠ মাটিকালিৰ ৪০ শতাংশ অর্থাৎ প্রায় ৩১.০৫ লাখ হেক্টৰ ভূমি বানপানী প্রবন এলেকাৰ অন্তৰ্গত। শ্রীমতী বৰাই কয় যে, বিজেপি দল ক্ষমতালৈ অহাৰ পিছত চৰকাৰখনে ৰাজ্যখনৰ মথাউৰি সমূহ মজবুতকৈ পুনৰ নিৰ্মাণ আৰু এই সমূহ মথাউৰি পথ যোগাযোগৰো মাধ্যম হিচাপে ব্যৱহাৰ কৰাৰ ফলত বান আৰু খহনীয়া প্ৰতিৰোধ কৰাত উল্লেখনীয় সফলতা লাভ কৰিব পৰা গৈছে। বিগত ৫ বছৰত ৰাজ্যখনে নতুনকৈ প্রায় ৭০০.৩ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰাৰ উপৰিও পূৰ্বতে থকা মথাউৰি সমূহৰ ৫৪০.২ কিলোমিটাৰ মেৰামতি কৰি বান আৰু খহনীয়া প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰা হৈছে। এই সময়ছোৱাত ৩২০.৩ কিলোমিটাৰ দৈর্ঘ্য সামৰি প্রায় ২৮০ টা খহনীয়া প্ৰতিৰোধী প্রকল্প সম্পূৰ্ণ কৰা হৈছে। তদুপৰি পানীৰ প্রবাহ প্রয়োজন অনুযায়ী নিয়ন্ত্ৰণ কৰিব পৰাকৈ ৪৩ টা নতুন “শ্লুইচগেট” নির্মাণ কৰা হৈছে। এনেবোৰ ব্যৱস্থাৰ ফলতেই শেহতীয়া বানপানীত ৰাজ্যখনৰ মুঠ ১২৪০.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰিৰ ভিতৰত মাত্ৰ এঠাইতহে বানপানীয়ে মথাউৰি চিঙিছে। অন্যহাতে ৰাজ্য চৰকাৰে শেহতীয়াকৈ বানপানী আৰু খহনীয়া সমস্যাৰ দীৰ্ঘম্যাদী সমাধানৰ কাৰণে অহা কিছু বছৰৰ ভিতৰতে সমাপ্ত কৰিবলগীয়া কেইবাটাও ধ্বজাবাহী প্রকল্পৰ কাম হাতত লৈছে।

এইসমূহৰ ভিতৰত 'দি আচাম ইন্টিগ্রেটেড ৰিভাৰ বেচিন মেনেজমেন্ট প্রজেক্ট (AIRBMP), দি ক্লাইমেট ৰেজিলিয়েন্ট ব্রহ্মপুত্র ইন্টিগ্রেটেড ফ্লাড এণ্ড ৰিভাৰ ইৰোচন মেনেজমেন্ট প্রজেক্ট, নেশ্বনেল হাইড্র'লজী প্রজেক্ট' আদি উল্লেখযোগ্য। এই প্রকল্পসমূহৰ দ্বাৰা নদীৰ পানী ব্যৱহাৰৰ সুব্যৱস্থাপনা, বতৰৰ পৰিৱৰ্তনৰ লগত সংগতি ৰাখি বিজ্ঞানসন্মত প্ৰতিৰোধ ব্যৱস্থাৰে বানপানী আৰু খহনীয়া নিয়ন্ত্রণ, প্রয়োজনীয় তথ্য সংগ্ৰহেৰে বানপানীৰ বিষয়ে আগতীয়া সতৰ্কীকৰণ আদি বিষয় সামৰি লোৱা হৈছে। বানপানী আৰু খহনীয়া প্রতিৰোধৰ বাবে পূৰ্বৰ চৰকাৰে গ্ৰহণ কৰা পৰম্পৰাগত ব্যৱস্থাৰ বিপৰীতে বৰ্তমানৰ বিজেপি চৰকাৰে এক বিজ্ঞানসন্মত সুসংহত ব্যৱস্থা হাতত লৈছে যাতে তাৰ দ্বাৰা ৰাজ্যখনত বানপানী আৰু খহনীয়াৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ যথেষ্ট হ্রাস কৰিব পৰা যায়।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande