অসম বংগ সীমান্তৰ শ্ৰীৰামপুৰ আৰক্ষী চেক গেটত ১২ টা ম'হ জব্দ
কোকৰাঝাৰ, ৩০ জুন (হি.স.)। অসম বংগ সীমান্তৰ শ্ৰীৰামপুৰ আৰক্ষী চেক গেটত ১২ টা ম''হ জব্দ । পুৱা আনুমানিক ০৫ বজাত এএছ ০১ইউচি ৬৭৩৯নম্বৰৰ ট্ৰাকত বহিঃৰাজ্যৰ পৰা অনা হৈছিল এই ম''হ সমূহ । চৰকাৰী নথিপত্ৰ বিহীন চোৰাং ভাৱে ম''হ সমূহ বিহাৰৰ পৰা অসমৰ বৰপেট
অসম বংগ সীমান্তৰ শ্ৰীৰামপুৰ আৰক্ষী চেক গেটত ১২ টা ম'হ জব্দ


কোকৰাঝাৰ, ৩০ জুন (হি.স.)। অসম বংগ সীমান্তৰ শ্ৰীৰামপুৰ আৰক্ষী চেক গেটত ১২ টা ম'হ জব্দ । পুৱা আনুমানিক ০৫ বজাত এএছ ০১ইউচি ৬৭৩৯নম্বৰৰ ট্ৰাকত বহিঃৰাজ্যৰ পৰা অনা হৈছিল এই ম'হ সমূহ ।

চৰকাৰী নথিপত্ৰ বিহীন চোৰাং ভাৱে ম'হ সমূহ বিহাৰৰ পৰা অসমৰ বৰপেটা জিলা লৈ সৰবৰাহ কৰাৰ চেষ্টা চলাইছিল চক্ৰটোৱে।

আৰক্ষীৰ অভিযানত ১২ টা ম'হৰ সৈতে এখন ট্ৰাক আৰু ট্ৰাক চালক বৰপেটাৰ ৰাকিবুল ইছলাম আৰু সহকাৰী চালক মেহেবুব আলমক আটক কৰিবলৈ সক্ষম হৈছে শিমুলাটাপু আৰক্ষীয়ে । আৰক্ষীয়ে জব্দ কৰা ম'হ সমূহ শ্ৰীৰামপুৰত স্থিত গোশালাত ৰাখি চালক আৰু সহকাৰী চালকক জেৰা অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande