
গোলাঘাট, ০৩ জুন (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁও চাৰি আলিত এগৰাকী বিশেষ ভাবে সক্ষম মহিলাক আৰক্ষীৰ পোছাকত দেখা যায় । নিজৰ কৰ্মত ব্যস্ত মহিলা আৰক্ষী গৰাকী । আৰক্ষীৰ বেশত বিশেষ ভাবে সক্ষম এগৰাকী মহিলাক আৰক্ষীৰ পোছাক পৰিধান কৰি দেৰগাঁও মাজমজিয়াত এনেদৰে কৰ্মৰত অৱস্থাত দেখা গ’ল।
দেৰগাঁও যান বাহন আৰক্ষীক সহযোগ কৰা পৰিলক্ষিত হয় এই গৰাকী মানসিক বিকাৰগ্রস্ত মহিলাই । উপস্থিত একাংশ লোকৰ দৃষ্টিগোচৰ হয় মহিলা গৰাকীক এনেদৰে দেৰগাঁও আৰক্ষীক সহযোগ কৰাত । অৱশ্য়ে এইক্ষেত্ৰত কোনে মহিলা গৰাকীক আৰক্ষীৰ পোছাকযোৰ দিলে সেই সম্পৰ্কত প্ৰশ্নও উত্থাপিত হৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ