দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূব ভ্ৰমণ কৰিব গৃহমন্ত্ৰী
নতুন দিল্লী, ০৩ জুন (হি.স.)। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূব ভ্ৰমণ কৰিব, য’ত তেওঁ উত্তৰ-পূব পৰিষদ (এনইচি) আৰু এনইএছএচি (নেছাক)ৰ বৈঠকৰ সভাপতিত্ব কৰিব। গৃহমন্ত্ৰীয়ে এই তথ্য ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্
amit shah


নতুন দিল্লী, ০৩ জুন (হি.স.)। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূব ভ্ৰমণ কৰিব, য’ত তেওঁ উত্তৰ-পূব পৰিষদ (এনইচি) আৰু এনইএছএচি (নেছাক)ৰ বৈঠকৰ সভাপতিত্ব কৰিব।

গৃহমন্ত্ৰীয়ে এই তথ্য ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰি কয়, মই দুদিনীয়া ভ্ৰমণৰ বাবে উত্তৰ-পূবলৈ ৰাওনা হ'ম। মই ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্তৰ লংকামুৰা সীমান্ত চকী পৰিদৰ্শন কৰি আমাৰ সাহসী বি এছ এফৰ জোৱানসকলৰ সৈতে মত বিনিময় কৰিম। উত্তৰ-পূব পৰিষদ (এন ই চি)ৰ আৰু নেছাকৰ বৈঠকতো মই অধ্যক্ষতা কৰিম।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande