গোলকগঞ্জত বৃদ্ধৰ কামনাৰ বলি ছষ্ঠ শ্ৰেণীৰ ছাত্ৰী
গোলকগঞ্জত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক জঘণ্য কাণ্ড।
গোলকগঞ্জত বৃদ্ধৰ কামনাৰ বলি ছষ্ঠ শ্ৰেণীৰ ছাত্ৰী


ধুবুৰী, ০৩ জুন (হি.স.): ধুবুৰী জিলাৰ গোলকগঞ্জত সংঘটিত হোৱা তথা শেহতীয়াকৈ পোহৰলৈ আহিছে মানৱ সমাজক লজ্জানত কৰা এক জঘণ্য কাণ্ড । খয়বৰ আলী নামৰ এজন ৫৫ বছৰীয়া বৃদ্ধ লম্পটৰ কামনাৰ বলি হয় ছষ্ঠ শ্ৰেণীৰ ছাত্ৰী এঘৰাকী । যোৱা ৰমজান মাহত নাবালিকা কিশোৰী গৰাকীক চলাইছিল যৌন নিৰ্যাতন। এই কথা ইমান দিনে গোপনে আছিল।

ইফালে যোৱা কালি মঙলবাৰে এই কথা পোহৰলৈ অহাৰ পিছতেই গোলকগঞ্জ আৰক্ষীয়ে আটক কৰে লম্পট খয়বৰ আলীক । এই সন্দৰ্ভত গোলকগঞ্জ থানাত এজাহাৰ দাখিল কৰে কিশোৰী গৰাকীৰ পিতৃ মাতৃয়ে । নাবালিকাগৰাকীক যৌন নিৰ্যাতন চলোৱা বৃদ্ধ লম্পটজনক দৃষ্টান্তমূলক শাস্তি বিহিবলৈ ৰাইজে দাবী জনাইছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande