ডবকাত গো-হত্যাৰ অভিযোগত তিনিজন গ্ৰেপ্তাৰ
হোজাই, ০৩ জুন (হি.স.)। ডবকাত গো-হত্যাৰ অভিযোগত তিনিজন গ্ৰেপ্তাৰ। হোজাই জিলাৰ ডবকাত গো-হত্যাৰ এক পুৰণি গোচৰক কেন্দ্ৰ কৰি আৰক্ষীয়ে তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। গ্ৰেপ্তাৰ হোৱা অভিযুক্ত সকল হৈছে নাজিম উদ্দিন, নাজ উদ্দিন আৰু নাচিৰ উদ্দ
ডবকাত গো-হত্যাৰ অভিযোগত তিনিজন গ্ৰেপ্তাৰ


হোজাই, ০৩ জুন (হি.স.)। ডবকাত গো-হত্যাৰ অভিযোগত তিনিজন গ্ৰেপ্তাৰ। হোজাই জিলাৰ ডবকাত গো-হত্যাৰ এক পুৰণি গোচৰক কেন্দ্ৰ কৰি আৰক্ষীয়ে তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

গ্ৰেপ্তাৰ হোৱা অভিযুক্ত সকল হৈছে নাজিম উদ্দিন, নাজ উদ্দিন আৰু নাচিৰ উদ্দিন। আৰক্ষীৰ তথ্য অনুসৰি ডবকাৰ দীঘলজাৰুনি গাঁৱত প্ৰায় ৯ মাহ পূৰ্বে সংঘটিত হৈছিল গো হত্যাৰ ঘটনা। সেই সময়ত ডবকা আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ গো-মাংস উদ্ধাৰ কৰিছিল।

অৱশ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ আগতেই পলায়ন কৰিছিল তিনিওজন অভিযুক্তই। দীৰ্ঘদিন ধৰি আত্ম গোপন কৰি থকা অভিযুক্তসকলৰ সন্ধান অব্যাহত ৰাখিছিল আৰক্ষীয়ে।

আজি গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ডবকা আৰক্ষীয়ে অভিযান চলাই অভিযুক্তসকল নিজ গৃহত থকাৰ তথ্য লাভ কৰি আটক কৰে। পিছত আইনগত প্ৰক্ৰিয়া সম্পন্ন কৰি তিনিওজনক শংকৰদেৱ নগৰ আদালতলৈ প্ৰেৰণ কৰে ডবকা আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande