আমগুৰিত ষাঁড় গৰুৰ সন্ত্ৰাস
আমগুৰিত ষাঁড় গৰুৰ সন্ত্ৰাস।
আমগুৰিত ষাঁড় গৰুৰ সন্ত্ৰাস


শিৱসাগৰ, ০৩ জুন (হি.স.): শিৱসাগৰ জিলাৰ আমগুৰিত যোৱা কালি মঙলবাৰে নিশা ষাঁড় গৰুৰ সন্ত্ৰাস বিৰাজ কৰে । নগৰৰ বিভিন্ন স্থানত এটা ষাঁড় গৰুৱে চোঁচা লয় বিভিন্ন জনলৈ । ষাঁড় গৰুৰ আক্ৰমণত আহত হয় তিনিজনকৈ ব্যক্তি । ইয়াৰে চম্পা দাস নামৰ এগৰাকী বৃদ্ধাক চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে যোৰহাটলৈ ।

পিছত আক্ৰমণাত্মক হৈ উঠা ষাঁড়টো অৱশেষত চিকিৎসকে ট্ৰেংকুলাইজ কৰি স্থানীয় পশু চিকিৎসালয়লৈ নিয়া হয় । আমগুৰি পেঙেৰা গাঁৱত ৰাইজে ষাঁঁড়টো ধৰি বন বিভাগৰ লগতে পশু বিভাগক চমজাই দিয়ে । ইফালে তাণ্ডৱৰ সৃষ্টি কৰি কেইবাজনো লোকক আক্ৰমণ কৰি আহত কৰা ষাঁড়টো প্ৰত্যক্ষ কৰিবৰ কাৰণে সমবেত হয় বহু লোক। আমগুৰি পশু চিকিৎসালয়তেই ষাঁড় গৰুটোৰ চিকিৎসাধীন অৱস্থাতেই মৃত্যু ঘটে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande