তামুলপুৰত লোকপিয়ল-২০২৭-ৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ
তামুলপুৰ, ০৩ জুন (হি.স.)। তামুলপুৰ জিলাত ২০২৭ বৰ্ষৰ লোকপিয়ল কাৰ্যসূচীৰ সফল ৰূপায়ণৰ লক্ষ্যৰে জিলা পৰ্যায়ৰ গৃহ তালিকাভুক্তি আৰু গৃহ গণনা সম্পৰ্কীয় প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী আজি আনুষ্ঠানিকভাৱে আৰম্ভ হয়। তামুলপুৰস্থিত পিএমশ্ৰী কেন্দ্ৰীয়
তামুলপুৰত লোকপিয়ল-২০২৭-ৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ।


তামুলপুৰ, ০৩ জুন (হি.স.)। তামুলপুৰ জিলাত ২০২৭ বৰ্ষৰ লোকপিয়ল কাৰ্যসূচীৰ সফল ৰূপায়ণৰ লক্ষ্যৰে জিলা পৰ্যায়ৰ গৃহ তালিকাভুক্তি আৰু গৃহ গণনা সম্পৰ্কীয় প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী আজি আনুষ্ঠানিকভাৱে আৰম্ভ হয়। তামুলপুৰস্থিত পিএমশ্ৰী কেন্দ্ৰীয় বিদ্যালয়ত ২ জুনৰ পৰা ৪ জুন, ২০২৬-লৈ অনুষ্ঠিত হ’বলগীয়া এই তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে তামুলপুৰ জিলাৰ জিলা আয়ুক্ত তথা মুখ্য লোকপিয়ল বিষয়া চিমি কৰণ (আইএএছ)-এ। তেওঁ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয়, তামুলপুৰ জিলাত দুটাকৈ চাৰ্কোল আৰু দুটাকৈ মিউনিচিপালিটী ব'ৰ্ড আছে--- তামুলপুৰ আৰু গোৰেশ্বৰ। তাৰ উপৰি লোকপিয়লৰ নিয়মানুসৰি যিবিলাক পৰে, সেইবিলাকো লোৱা হৈছে।

গতিকে চক্ৰ বিষয়া, কাৰ্যবাহী বিষয়া আদিক লৈ লোকপিয়লৰ কাৰ্যসূচীটো নিয়াৰিকৈ আগবঢ়াই নিয়া হ'ব। জিলাখনত লোকপিয়ল-২০২৭ সঠিক, সময়োপযোগী আৰু সফলভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকলক আৱশ্যকীয় জ্ঞান, কাৰিকৰী দক্ষতা আৰু ব্যৱহাৰিক অভিজ্ঞতাৰে সমৃদ্ধ কৰি তোলাটোৱেই এই প্ৰশিক্ষণ কাৰ্যসূচীৰ মূল উদ্দেশ্য। এই কাৰ্যসূচীৰ জৰিয়তে গৃহ তালিকাভুক্তি, গৃহ গণনা, তথ্য সংগ্ৰহ, তথ্য পৰীক্ষণ আৰু ডিজিটেল মাধ্যমৰ ব্যৱহাৰ সম্পৰ্কে অংশগ্ৰহণকাৰীসকলক বিস্তৃত ধাৰণা প্ৰদান কৰা হ’ব। উদ্বোধনী অনুষ্ঠানত জিলা লোকপিয়ল বিষয়া ডঃ দীপাংকৰ নাথকে ধৰি অতিৰিক্ত জিলা লোকপিয়ল বিষয়া, চাৰ্জ অফিচাৰ, পৌৰসভাৰ গণনা দায়িত্বত থকা বিষয়া আৰু অন্যান্য অংশীদাৰসকল উপস্থিত থাকে। এই গুৰুত্বপূৰ্ণ প্ৰশিক্ষণ কাৰ্যসূচীত সমল ব্যক্তি হিচাপে ৰাজ্যিক পৰ্যায়ৰ পৰা নিযুক্ত হৈছে প্ৰাক্তন যুটীয়া সঞ্চালক তথা পৰামৰ্শদাতা ডঃ কে এছ সিং আৰু পৰিসংখ্যা অন্বেষক সিদ্ধাৰ্থ কুমাৰ। তেওঁলোকে অংশগ্ৰহণকাৰীসকলক লোকপিয়ল প্ৰক্ৰিয়াৰ বিভিন্ন কাৰিকৰী আৰু ব্যৱহাৰিক দিশৰ ওপৰত বিশদভাৱে প্ৰশিক্ষণ প্ৰদান কৰিব। এই তিনিদিনীয়া প্ৰশিক্ষণত গণনাকাৰীয়ে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰাৰ পদ্ধতি, স্মাৰ্টফোনভিত্তিক ম’বাইল এপ্লিকেছনৰ ব্যৱহাৰ, ৱেব প’ৰ্টেলৰ জৰিয়তে পৰিয়ালসমূহে নিজে তথ্য পঞ্জীয়ন কৰাৰ সুবিধা, সংগৃহীত তথ্যৰ সত্যতা নিৰূপণ ব্যৱস্থা, কেন্দ্ৰীয় তথ্য ব্যৱস্থাপনা আৰু নিৰীক্ষণ প্ৰণালী, লগতে ভৌগোলিক সংকেতযুক্ত গৃহ তালিকাভুক্তি খণ্ড গঠনৰ দৰে আধুনিক প্ৰযুক্তিনিৰ্ভৰ বিষয়সমূহৰ ওপৰত বিশেষভাৱে আলোকপাত কৰা হ'ব। উল্লেখ্য যে ভাৰতৰ আগন্তুক লোকপিয়লত ডিজিটেল প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই নতুন ব্যৱস্থাৰ সৈতে বিষয়া-কৰ্মচাৰীসকলক সুপৰিচিত কৰি তুলিবলৈ এনে প্ৰশিক্ষণ কাৰ্যসূচী বিশেষভাৱে তাৎপৰ্যপূৰ্ণ বুলি সংশ্লিষ্ট মহলে মতপ্ৰকাশ কৰিছে। প্ৰশিক্ষণৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলে লাভ কৰা জ্ঞান আৰু দক্ষতাই তামুলপুৰ জিলাত লোকপিয়ল-২০২৭ সফলভাৱে সম্পাদনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande