

গুৱাহাটী, ০৩ জুন (হি.স.)। সোণাপুৰ বন বিভাগৰ আজি পুৱতি নিশা এক সফল অভিযান। অভিযানত আটক হ'ল এটা চোৰাং চিকাৰী।
ধৃত চোৰাং চিকাৰীটো মেঘালয়ৰ ৰি ভয় জিলাৰ উমলাখাৰ গাঁৱৰ চেলভেশন নংগ্ৰুম (৪৩)।
বিগত ১২ মে'ত অসম-মেঘালয় সীমান্তৱৰ্তী টোপাটলীৰ দিকচাক পাহাৰত চোৰাং চিকাৰীৰ গুলীত নিহত হৈছিল এটা বন্যহস্তী আৰু দুৰ্বৃত্তই অতি নৃশংসভাৱে কাটি নিছিল হাতীৰ শুঁৰ। ইয়াৰ পিছতে সোণাপুৰ বন বিভাগে এক গোচৰ ৰুজু কৰি আগবঢ়াই নিছিল তদন্ত।
এই তদন্তৰ ভিত্তিতে আজি পুৱা এক গোপন সূত্ৰৰ পম খেদি বন বিভাগৰ এটা দলে অভিযান চলাই টোপাটলী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ সমীপৰ পৰা ছেলভেচন নংগ্ৰুম নামৰ এজন সন্দেহযুক্ত চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন ছেলভেচন নংগ্ৰুমৰ বয়স ৪৩ বছৰ আৰু তেওঁ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰি-ভৈ জিলাৰ উমডেনৰ উমলাখাৰ গাঁৱৰ বাসিন্দা ।
আটকাধীন লোকজনৰ পৰা হস্তনিৰ্মিত বন্দুকত ব্যৱহাৰ কৰা গুলী আৰু গুলী প্ৰস্তুতকৰণৰ সৈতে জড়িত বিভিন্ন সামগ্ৰীও জব্দ কৰিবলৈ সক্ষম হৈছে বন বিভাগে। সমগ্ৰ বিষয় সন্দৰ্ভত বন বিভাগে অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে তদন্ত।
হিন্দুস্থান সমাচাৰ / Narayan Kar