
কামৰূপ, ০৩ জুন (হি.স.)। শুৱালকুছি
এগৰাকী অসহায় বৃদ্ধাক লৈ বিপাঙত শুৱালকুছি আৰক্ষী ।
বয়সৰ জোখেৰে প্ৰায় ৬৫ বছৰ ।
তিনি জীয়ৰীৰ মাতৃগৰাকী তাঁতশালৰ শিপিনি হিচাপে শুৱালকুছিত বহু বছৰ পূৰ্বৰ পৰাই ভাঢ়তীয় হিচাপে বাস কৰিছিল ।
স্বামীহাৰা বৃদ্ধাগৰাকীৰ তিনিগৰাকী জীয়ৰী আছে যদিও তিনিগৰাকীয়ে বিবাহ হৈ নিজৰ নিজৰ সংসাৰৰ লগত ব্যস্ত ।
কিন্তু বৃদ্ধিগৰাকীহে অৰ্থাৎ মাতৃগৰাকীক চোৱা চিতা মানুহৰে অভাৱ ।
যাৰ বাবে এতিয়া নাজল নাঠল অৱস্থাই কোঙা কৰিছে বৃদ্ধাগৰাকীক
তিনি কন্যা সন্তানৰ মাতৃগৰাকীৰ এতিয়া ৰোগীয়ে শৰীৰ আৰু আৰ্থিক দৈনত্যত দিশহাৰা হৈ পৰিছে ।
জন্মদিয়া সন্তানয়ো কোনো খৱৰ নলয় বৃদ্ধা মাতৃগৰাকীৰ।
মাতৃগৰাকীক ভৰন পোষন দিব নোৱাৰে জীয়াৰীয়ে ।
তাৰ মাজতে দুই জীয়াৰীয়ে গুৱাহাটীৰ ফুটপথত পেলাই থৈ আহিছিল ৰোগীয়া মাতৃগৰাকীক ।
মাতৃগৰাকী উদ্ধাৰ কৰি শুৱালকুছি আৰক্ষী থানাত গতাই দিয়ে গড়চুক আৰক্ষীয়ে।
আৰক্ষীয়ে বিচাৰ খোচৰ কৰি তিনিজীয়াৰীক মাতি নি গতাই দিব বিচাৰিলে মাতৃগৰাকীক।
তাৰ পিচতে তিনিওগৰাকী জীয়ৰীয়ে দায়িত্ব লব নিবিচাৰে মাতৃগৰাকীৰ ।
অৱশেষত আৰক্ষীয়ে উপায়হীন হৈ তিনিওগৰাকী জীয়ৰীৰ মাজত লটাৰি অনুস্থিত কৰি ভগাই দিলে মাতৃগৰাকীক ।
প্ৰতিটো জীয়াৰীয়ে একসপ্তাহ কৈ ভৰন পোষন দি নিজৰ লগত ৰাখিব লাগিব মাতৃগৰাকীক ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা