ড্ৰেগন ফলৰ খেতিৰে স্বাৱলম্বী ওদালগুৰি জিলাৰ ৰৌতাৰ প্ৰেমচন দৈমাৰী
ড্ৰেগন ফলৰ খেতিৰে স্বাৱলম্বী ওদালগুৰি জিলাৰ ৰৌতাৰ প্ৰেমচন দৈমাৰী।
ড্ৰেগন ফলৰ খেতিৰে স্বাৱলম্বী ওদালগুৰি জিলাৰ ৰৌতাৰ প্ৰেমচন দৈমাৰী


ওদালগুৰি, ০৩ জুন (হি.স.): ওদালগুৰি জিলাৰ ৰৌতাৰ কৃষক প্ৰেমচন দৈমাৰীয়ে ড্ৰেগন ফলৰ খেতিৰ জৰিয়তে স্বাৱলম্বিতাৰ এক উজ্জ্বল দৃষ্টান্ত স্থাপন কৰিছে । তেওঁ প্ৰায় ৫ বিঘা মাটিত ৬,০০০ৰো অধিক ড্ৰেগন ফলৰ পুলি ৰোপণ কৰি সফলভাৱে খেতি কৰি আহিছে ।

উল্লেখযোগ্য যে কৃষি বিভাগ বা চৰকাৰী কোনো বিশেষ সাহায্য অবিহনে নিজৰ উদ্যোগ আৰু একক প্ৰচেষ্টাৰে তেওঁ এই বৃহৎ খেতিডৰা গঢ়ি তুলিবলৈ সক্ষম হৈছে । প্ৰেমচন দৈমাৰীয়ে কয় যে সঠিক পৰিকল্পনা, অধ্যৱসায় আৰু আধুনিক কৃষি পদ্ধতি গ্ৰহণ কৰিলে কৃষিক্ষেত্ৰতো যথেষ্ট সফলতা লাভ কৰিব পাৰি। তেওঁ নৱ প্ৰজন্মক বহিঃৰাজ্যলৈ কামৰ সন্ধানত যোৱাৰ পৰিৱৰ্তে নিজৰ অঞ্চলতে ড্ৰেগন ফলৰ দৰে লাভজনক খেতিত আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে । তেওঁৰ এই সফলতা আন বহু যুৱক-যুৱতীৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande