উচ্চতম ন্যায়ালয়ৰ আৰাৱলীৰ সংজ্ঞা নিৰ্ধাৰণৰ বাবে উচ্চ পৰ্যায়ৰ সমিতি গঠন
নতুন দিল্লী, ০৩ জুন (হি.স.)। আৰাৱলীৰ সংজ্ঞা নিৰূপণৰ বাবে উচ্চতম ন্যায়ালয়ে গঠন কৰিছে এখন উচ্চ পৰ্যায়ৰ কমিটী। মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত এখন বিচাৰপীঠে পাঁচজনীয়া এখন সমিতি গঠন কৰিছিল। আদালতে উচ্চ পৰ্যায়ৰ সমিতিখনক ৩১ আগষ্টৰ ভিতৰত বিতং
सुप्रीम कोर्ट (फाइल फोटो)


নতুন দিল্লী, ০৩ জুন (হি.স.)। আৰাৱলীৰ সংজ্ঞা নিৰূপণৰ বাবে উচ্চতম ন্যায়ালয়ে গঠন কৰিছে এখন উচ্চ পৰ্যায়ৰ কমিটী। মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত এখন বিচাৰপীঠে পাঁচজনীয়া এখন সমিতি গঠন কৰিছিল। আদালতে উচ্চ পৰ্যায়ৰ সমিতিখনক ৩১ আগষ্টৰ ভিতৰত বিতং প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

এই সমিতিৰ সভাপতিত্ব কৰিব ভাৰতীয় বন গৱেষণা আৰু শিক্ষা পৰিষদৰ সঞ্চালক প্ৰধান কাঞ্চন দেৱীয়ে। কাঞ্চন দেৱীৰ উপৰিও ভাৰতীয় বন জৰীপ বিভাগৰ প্ৰাক্তন সঞ্চালক প্ৰধান ড° সুভাষ আশুতোষ, ভাৰতীয় ভূতাত্ত্বিক জৰীপৰ প্ৰাক্তন সঞ্চালক ড° ৰাজেন্দ্ৰ কুমাৰ শৰ্মা, পৰিৱেশ মন্ত্ৰালয়ৰ প্ৰাক্তন যুটীয়া সচিব ব্রিজ মোহন সিং ৰাথোৰ, দিল্লী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী অশোক ভাটনগৰ আদি সমিতিৰ নাম থাকিব।

কমিটীৰ সহায়ৰ বাবে দুজন বিশেষজ্ঞক বিশেষ আমন্ত্ৰিত হিচাপে নিযুক্তি দিয়াৰ নিৰ্দেশ দিয়ে আদালতে। বিশেষ আমন্ত্ৰিতসকলৰ ভিতৰত আছে বেংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট ফৰ হিউমেন চেটেলমেণ্টৰ অধ্যাপক জগদীশ কৃষ্ণস্বামী, আৰু হাৰিয়ানা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অধ্যাপক লক্ষ্মীকান্ত শৰ্মা। আদালতে কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰালয়ক এই সমিতিৰ সদস্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ নিজৰ মন্ত্ৰালয়ৰ পৰা এজন সঞ্চালক পৰ্যায়ৰ বিষয়াক মনোনীত কৰিবলৈ নিৰ্দেশ দিয়ে।

২৬ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে আৰাৱলী অঞ্চলত খননৰ অনুমতি দিব পাৰি নেকি সেই সন্দৰ্ভত বিশেষজ্ঞৰ মতামত বিচাৰিব বুলি উল্লেখ কৰে। আদালতে কেন্দ্ৰীয় চৰকাৰক বিশেষজ্ঞসকলৰ মতামত দিবলৈ কয়। আদালতে কয় যে বিশেষজ্ঞসকলক আৰাৱলী অঞ্চলত খননৰ অনুমতি কিমানখিনি হ’ব পাৰে, আৰু কোনে ইয়াক নিৰীক্ষণ কৰিব সেইটো নিৰ্ধাৰণ কৰিবলৈ ক’ব। আদালতে গোচৰটোক প্ৰতিনিধিত্ব কৰা অধিবক্তাসকলক কমিটীৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ দিবলৈও কয়। আৰাৱালী পাহাৰ আৰু আৰাৱলীৰ সংজ্ঞা আৰু ১০০ মিটাৰ উচ্চতাৰ সীমাৰ প্ৰভাৱকে ধৰি বিশেষজ্ঞসকলৰ মতামতক আদালতে পুংখানুপুংখভাৱে মূল্যায়ন কৰিব। পাহাৰৰ মাজৰ ৫০০ মিটাৰ ব্যৱধানৰ ভিতৰত পৰিৱেশৰ ক্ষতি নকৰাকৈ নিয়ন্ত্ৰিত খননৰ অনুমতি দিব পাৰি নেকি সেই বিষয়েও আদালতে বিবেচনা কৰিব।

আদালতে স্পষ্ট কৰি দিয়ে যে আৰাৱলীৰ সংজ্ঞা সন্দৰ্ভত পূৰ্বৰ আদেশত স্থগিতাদেশ প্ৰযোজ্য হৈ থাকিব, য’ত উল্লেখ কৰা হৈছিল যে ১০০ মিটাৰ বা তাতকৈ অধিক উচ্চতাৰ পাহাৰক আৰাৱলী বুলি গণ্য কৰা হ’ব।

------------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande