বজালীৰ ভকুৱামাৰীত পহুমাৰা নৈত নিখোজ যুৱকৰ মৃতদেহ উদ্ধাৰ
বজালীৰ ভকুৱামাৰীত শোকাবহ ঘটনা।
বজালীৰ ভকুৱামাৰীত পহুমাৰা নৈত নিখোজ যুৱকৰ মৃতদেহ উদ্ধাৰ


বৰপেটা, ০৩ জুন (হি.স.): বজালীৰ ভকুৱামাৰীত পহুমাৰা নৈত যোৱা কালি মঙলবাৰে বিয়লি গা ধুবলৈ গৈ নিখোজ হৈ পৰা অবিনাশ ৰাজবংশী (২২) নামৰ যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । দীৰ্ঘ সময় ধৰি চলা তালাচী অভিযানৰ অন্তত এছডিআৰএফ-এ অবিনাশ ৰাজবংশীক উদ্ধাৰ কৰে । উদ্ধাৰৰ পিছত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰা বুলি জানিব পৰা গৈছে । এই ঘটনাই সমগ্ৰ অঞ্চলত গভীৰ শোকৰ সৃষ্টি কৰিছে।

দৰাচলতে, ভকুৱামাৰী অঞ্চলৰ নিতুল তালুকদাৰ (২৫), কিংকৰ কাকতি আৰু অবিনাশ ৰাজবংশী (২২) নামৰ তিনিজন যুৱকে মঙলবাৰে বিয়লি একেলগে পহুমাৰা নৈত গা ধুবলৈ নামিছিল । গা ধোৱাৰ সময়ত নৈখনৰ প্ৰবল সোঁতত তিনিওজন বিপদত পৰে।

তাৰপাছতে ওচৰতে উপস্থিত থকা এগৰাকী সাহসী যুৱতীয়ে তৎপৰতাৰে পানীত নামি নিতুল তালুকদাৰ আৰু কিংকৰ কাকতিক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । কিন্তু অবিনাশ ৰাজবংশীক উদ্ধাৰ কৰিব নোৱাৰাত তেওঁ নৈৰ পানীত সন্ধানহীন হৈ পৰে।

ইফালে, ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে পাঠশালা আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। লগতে এছ ডি আৰ এফৰ এটা দলো ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande