শ্ৰীৰামপুৰৰ হাৰাফুটাত ভয়ংকৰ পথ দুৰ্ঘটনাত বাইক আৰোহী নিহত
শ্ৰীৰামপুৰৰ হাৰাফুটাত ভয়ংকৰ পথ দুৰ্ঘটনাত বাইক আৰোহী নিহত।
শ্ৰীৰামপুৰৰ হাৰাফুটাত ভয়ংকৰ পথ দুৰ্ঘটনাত বাইক আৰোহী নিহত


কোকৰাঝাৰ, ০৩ জুন (হি.স.): কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰৰ হাৰাফুটাত যোৱা কালি মঙলবাৰে সন্ধিয়া সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত বাইক আৰোহী এজন নিহত হয় । তীব্ৰ বেগী উইংগাৰ মহটিয়াই নিয়ে মটৰ চাইকেল আৰোহীক । ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ হাৰাফুটাত ঘটে এই ঘটনা ।

দুৰ্ঘটনাটোৰ পিছতে সংকটজনক অৱস্থাত উদ্ধাৰ কৰা যুৱকজন নিহত হয় । নিহত যুৱকজন হাচান আলি বুলি চিনাক্ত কৰা হৈছে । নিহত যুৱকজন গোসাঁইগাঁৱৰ ভোমৰাবিল গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাগ্ৰস্ত মটৰ চাইকেল খনৰ বিস্তৰ ক্ষতি সাধন হয় । পশ্চিমবংগ বাৰবিশাৰ পৰা গোসাঁইগাঁও অভিমুখে অহা উইংগাৰখন তেলিপাৰা টোল গেটত আটক কৰা হৈছে । দুৰ্ঘটনা সংঘটিত কৰা উইংগাৰখনৰ নম্বৰ এএছ ১৬ এচি ২১০৬ বুলি জানিব পৰা গৈছএ। বাইক আৰোহী ৰাষ্ট্ৰীয় ঘাইপথৰ এফালৰ পৰা আনফালে পাৰ হওঁতে এই ঘটনা সংঘটিত হয় । দুৰ্ঘটনাত পতিত হোৱা মটৰ চাইকেল খনৰ নম্বৰ এএছ ১৬ জে ৮০০৬ বুলি কোৱা হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande