
কোকৰাঝাৰ, ০৩ জুন (হি.স.): কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাত যোৱা কালি মঙলবাৰে সন্ধিয়া সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত হয় এটি শিশুসহ বাইক চালক এজন । তীব্ৰবেগী বাইকে মহতিয়াই নিয়ে শিশুটিক ।
জানিব পৰামতে, ছাতাগুৰি-ভালুকঝোৰা সংযোগী পথৰ জংগীৰকীল্লা দ্বিতীয় খণ্ডত এই দুৰ্ঘটনা সংঘটিত হয় । আহত শিশু গৰাকীৰ নাম আবু ছায়েদ বুলি জানিব পৰা গৈছে । আনফালে আহত চালক জন জয়নাল আবেদিন বুলি জানিব পৰা গৈছে । আহত শিশু গৰাকীক সংকটজনক অৱস্থাত ডিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে । আহত বাইক চালক জনক বগৰীবাৰী আদৰ্শ চিকিৎসাললৈ প্ৰেৰণ কৰা হয় ।দুৰ্ঘটনাগ্ৰস্ত বাইক খনৰ নম্বৰ এএছ ১৭ কিউ ৫৬২৫ বুলি জনা গৈছে। পিছত বগৰিবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বাইকজন জব্দ কৰি তদন্ত আৰম্ভ কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ