
মানকাচৰ, ০৩ জুন (হি.স.): মানকাচৰৰ বিৰসিং জৰুৱা সমষ্টিৰ বৃহত্তৰ ৰাধুৰামচালা স্বাস্থ্যসেৱাৰ পৰা ৰাইজ বঞ্চিত হৈ থকাৰ অভিযোগ উত্থাপিত হৈছে । এটা যুগ অতিবাহিত হৈ যোৱাৰ পিছতো মুকলি কৰা নহ’ল ধুবুৰী জিলাৰ স্বাস্থ্য বিভাগৰ অন্তৰ্গত ৰাধুৰাম চালা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ । অসমত কংগ্ৰেছ চৰকাৰৰ সময়তে নিৰ্মাণ হোৱা স্বাস্থ্যকেন্দ্ৰখন আজিলৈকে স্বাস্থ্যসেৱাত পৰিণত নোহোৱাত স্বাস্থ্যসেৱাৰ পৰা বঞ্চিত স্থানীয় ৰাইজ ৷
স্থানীয় ৰাইজে জানিব দিয়া মতে উক্ত ৰাধুৰাম চালা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰখনৰ গৃহ চৰকাৰে প্ৰায় ১২বছৰ আগতে কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছে যদিও আজিলৈকে স্বাস্থ্য কেন্দ্ৰটি মুকলি নোহোৱাৰ লগতে কোনো এজনো ডাক্তৰ নাৰ্চ স্বাস্থ্যকেন্দ্ৰখনত বহি এজনো ৰোগী নোচোৱাৰ গুৰুতৰ অভিযোগ উস্থাপিত হৈছে ৷ ৰাধুৰাম চালা বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ বেমাৰ হলে বহুত কষ্টৰ মাধ্যমত তিনি চাৰিঘণ্টা সময়ৰ পিছত ধুবুৰী আৰু গোৱালপাৰালৈ যাবলগা হয় ৷ বহুত সময় লগাৰ বাবে একাংশ ৰোগীয়ে বাটতে মৃত্যুবৰণ কৰিবলগীয়া হৈছে ৷ সেয়েহে অতি সোনকালেই উক্ত স্বাস্থ্যকেন্দ্ৰখন মুকলি কৰি পৰ্য্যাপ্ত পৰিমানৰ চিকিৎসক নাৰ্চ আৰু ঔষধৰ ব্যৱস্থা কৰাৰ বাবে নৱগঠিত চৰকাৰৰ মূখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰীৰ লগতে বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ