
নতুন দিল্লী, ০৩ জুন (হি.স.)। দিল্লীৰ মালব্য নগৰত সংঘটিত হোৱা বৃহৎ অগ্নিকাণ্ডক লৈ দুঃখ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে।
প্ৰধানমন্ত্ৰীয়ে টুইটাৰযোগে উল্লেখ কৰে যে দিল্লীৰ মালব্য নগৰত সংঘটিত হোৱা অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাৰ ঘটনাত গভীৰ মৰ্মান্তিক। আপোনজনক হেৰুৱাই পেলোৱা সকলোকে গভীৰ শোক প্ৰকাশ কৰে। আহতসকলৰ আশু আৰোগ্যৰ বাবে তেওঁ প্ৰাৰ্থনা কৰে। বিষয়াসকলে ক্ষতিগ্ৰস্ত লোকসকলক সকলো ধৰণৰ সহায় আগবঢ়াইছে। প্ৰতিজন মৃতকৰ পৰিয়ালে প্ৰধানমন্ত্ৰীৰ দুৰ্যোগ সাহায্য পুঁজিৰ পৰা ২ লাখ ₹ৰ এককালিন সাহাৰ্য লাভ কৰিব। আহতসকলে লাভ কৰিব ₹৫০,০০০ টকা।
ইফালে দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ তৰণজিৎ সিং সন্ধুৱে কয় যে মালব্য নগৰৰ হাউজ ৰাণীৰ এখন হোটেলত সংঘটিত হোৱা বৃহৎ অগ্নিকাণ্ডত তেওঁ গভীৰ শোক প্ৰকাশ কৰিছে। ঘটনাস্থলীত আৰক্ষী, অসামৰিক আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযানত লিপ্ত হৈছে। তেওঁ বিষয়াসকলৰ সৈতে কথা পাতিছে আৰু তেওঁলোকক তাৎক্ষণিক চিকিৎসা সাহায্য, সাহায্যৰ কাম, আৰু এই কৰুণ কাণ্ডৰ সম্যক তদন্ত নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে।
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই শোক প্ৰকাশ কৰি কয় যে এই ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে দিল্লী অগ্নিনিৰ্বাপক সেৱা, দিল্লী আৰক্ষী, ডিডিএমএ, কেটিএছ এম্বুলেন্স সেৱা, আৰু অন্যান্য জৰুৰীকালীন সঁহাৰি সংস্থাৰ দলসমূহে তৎক্ষণাত সংগঠিত হৈ উদ্ধাৰ আৰু সাহায্য অভিযান আৰম্ভ কৰে। তেওঁলোকৰ ক্ষীপ্ৰ কাৰ্য্যই ক্ষতিগ্ৰস্ত চৌহদৰ পৰা বহু লোকক উদ্ধাৰ আৰু উলিয়াই অনাত সহায় কৰিছিল । দিল্লী চৰকাৰে তীক্ষ্ণ দৃষ্টি ৰাখিছে পৰিস্থিতি। ক্ষতিগ্ৰস্ত পৰিয়ালক প্ৰয়োজনীয় সকলো চিকিৎসা সাহায্য আৰু সহায় আগবঢ়োৱা হৈছে।
তেখেতে কয় যে, এই শোকৰ সময়ত দিল্লী চৰকাৰে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে দৃঢ়তাৰে থিয় দিছে। এই ট্ৰেজেডীত ক্ষতিগ্ৰস্ত সকলোকে সম্ভৱপৰ সকলোকে সাহায্য প্ৰদান কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ ।
উল্লেখযোগ্য যে মঙলবাৰে পুৱা দক্ষিণ দিল্লীৰ মালবিয়া নগৰ অঞ্চলৰ এখন ৰেষ্টুৰেণ্টত সংঘটিত হোৱা বৃহৎ অগ্নিকাণ্ডত ২১ জন লোকৰ মৃত্যু হয়। অগ্নিকাণ্ড ইমানেই দ্ৰুতগতিত বিয়পি পৰে যে ৰেষ্টুৰেণ্টখনৰ ভিতৰত আৰু ইয়াৰ কাষৰীয়া চৌহদৰ বহু লোক ভিতৰত আবদ্ধ হৈ পৰে। দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ (ডি এফ এছ), দিল্লী আৰক্ষী, পি চি আৰ, আৰু অন্যান্য দুৰ্যোগ ব্যৱস্থাপনা সংস্থাৰ দল ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয়, আৰু এক বৃহৎ উদ্ধাৰ আৰু সাহায্য অভিযান আৰম্ভ কৰা হয়। এই পৰ্যন্ত ৪০ জন লোকক উদ্ধাৰ কৰা হৈছে, আৰু আহত আৰু মৃতকৰ সংখ্যা স্পষ্ট নহয়।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ