ডিগবৈত তেল চুৰি চক্ৰ উৎখাত, আটক কুখ্যাত তেল মাফিয়া
ডিগবৈত তেল চুৰি চক্ৰ উৎখাত, কুখ্যাত এটা তেল মাফিয়া আটক ৷
ডিগবৈত তেল চুৰি চক্ৰ উৎখাত, আটক কুখ্যাত তেল মাফিয়া


তিনিচুকীয়া, ০৩ জুন (হি.স.): তিনিচুকীয়া জিলাৰ ডিগবৈৰ টিংৰাই অঞ্চলত যোৱা কালি মঙলবাৰে বিয়লি আৰক্ষীয়ে এক সফল অভিযান চলাই তেল চুৰি চক্ৰ উৎখাত কৰে। ডিগবৈ সমজিলা আৰক্ষী অধীক্ষক হিমাংশু বুঢ়াগোহাঁই আৰু ডিগবৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাঞ্জল চেতিয়াৰ নেতৃত্বত চলোৱা অভিযানত কুখ্যাত তেল মাফিয়া বিপিন ৰাজকোঁৱৰক আটক কৰে ।

জানিব পৰা মতে, এএছ ০৭ বিচি ৪৭৬২ নম্বৰৰ তেল টেংকাৰখনৰ পৰা অবৈধভাৱে নিজ গৃহৰ চৌহদত তেল উলিয়াই থকাৰ সময়তে আৰক্ষীয়ে বিপিন ৰাজকোঁৱৰক হাতে লোটে গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে অভিযানস্থলীৰ পৰা তেল চুৰিৰ সৈতে জড়িত সামগ্ৰীও জব্দ কৰে।উল্লেখ যে ইয়াৰ পূৰ্বেও ডিগবৈৰ কুখ্যাত তেল মাফিয়া হিচাপে পৰিচয় থকা বিপিন ৰাজকোঁৱৰ তেল চুৰি চক্ৰৰ সৈতে জড়িত থকাৰ বাবে আৰক্ষী জেল হাজোতলৈ প্ৰেৰণ কৰিছিল ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande