তেজপুৰৰ বহু বিদ্যালয়ৰ ছাত্ৰছাত্ৰীয়ে এতিয়াও লাভ কৰা নাই চৰকাৰে যোগান ধৰা পাঠ্যপুথি
শোণিতপুৰ, ০৩ জুন (হি.স.)। চৰকাৰী বিদ্যালয়ত হাহাকাৰ ৷ এপ্ৰিল মাহৰ পৰাই আৰম্ভ হোৱা শৈক্ষিক বৰ্ষৰ ৮ জুনৰ পৰা আৰম্ভ হ’ব প্ৰথমটো পৰীক্ষা৷ কিন্তু এই পৰ্যন্ত তেজপুৰৰ বহু বিদ্যালয়ৰ ছাত্ৰছাত্ৰীয়ে লাভ কৰা নাই চৰকাৰে যোগান ধৰা পাঠ্যপুথি৷ ইয়াকে লৈ ছাত্ৰছাত্ৰী
তেজপুৰৰ বহু বিদ্যালয়ৰ ছাত্ৰছাত্ৰীয়ে এতিয়াও লাভ কৰা নাই চৰকাৰে যোগান ধৰা পাঠ্যপুথি


শোণিতপুৰ, ০৩ জুন (হি.স.)। চৰকাৰী বিদ্যালয়ত হাহাকাৰ ৷ এপ্ৰিল মাহৰ পৰাই আৰম্ভ হোৱা শৈক্ষিক বৰ্ষৰ ৮ জুনৰ পৰা আৰম্ভ হ’ব প্ৰথমটো পৰীক্ষা৷ কিন্তু এই পৰ্যন্ত তেজপুৰৰ বহু বিদ্যালয়ৰ ছাত্ৰছাত্ৰীয়ে লাভ কৰা নাই চৰকাৰে যোগান ধৰা পাঠ্যপুথি৷ ইয়াকে লৈ ছাত্ৰছাত্ৰী আৰু অভিভাৱক সকলৰ মাজত হাহাকাৰ৷ শোণিতপুৰত নাই স্থায়ী বিদ্যালয় পৰিদৰ্শক৷ এগৰাকী অতিৰিক্ত আয়ুক্তই চলাইছে শিক্ষা বিভাগ৷

এইগৰাকী অতিৰিক্ত আয়ুক্ত ত্ৰিদিব ৰয়ক দায়িত্ব দিয়া হৈছে জিলাখনৰ শিক্ষা বিভাগৰ৷ আজি আছুৰ শোণিতপুৰ জিলাৰ প্ৰতিনিধি দলে এইগৰাকী বিষয়াক সাক্ষাৎ কৰা কালত পোহৰলৈ আহিছে কিদৰে চলিছে তেজপুৰত চৰকাৰী বিদ্যালয় সমুহ৷ আছুৰ অভিযোগ এইগৰাকী বিষয়াই গমেই নাপাই যে ছাত্ৰছাত্ৰীয়ে কিতাপ বহী পোৱা নাই৷ কিতাপ বিদ্যালয় সমুহত দিয়াৰ বাবে জাননী দিয়েই দায়িত্ব সামৰিছে এইগৰাকী চৰকাৰী বিষয়াই৷ কোনো কোনো বিদ্যালয়ে হেনো বেছিকৈ কিতাপ লৈ গৈছে সেইবাবেহে নাটনি হৈছে কিছুমান ঠাইত৷ কিন্তু কোনো বিদ্যালয়ে এতিয়ালৈকে বেছিকৈ নিয়া কিতাপ ঘুৰাই দিয়া নাই৷ আছুৰ অভিযোগ চৰকাৰী বিদ্যালয় ব্যক্তিগত খণ্ডৰ হাতত তুলি দিয়াৰ এয়া প্ৰাৰম্ভিক পৰিকল্পনা৷ এয়া হবলৈ দিয়া নহব৷ চৰকাৰৰ এই ষড়যন্ত্ৰৰ বিৰূদ্ধে আছুয়ে ৰাজপথত তীব্ৰ আন্দোলন কৰিব৷ ছাত্ৰছাত্ৰীক গিনিপিগ সজাবলৈ দিয়া নহব চৰকাৰক৷ ছাত্ৰছাত্ৰীৰ জীৱনক লৈ হেতালী খেলিবলৈ দিয়া নহব বুলি হুংকাৰ আছুৰ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande