গৰু মহৰ জিৰণিগৃহত পৰিণত হৈছ শ্ৰী ভূমি জিলাৰ সাৰদামনি শীতল ভঁৰাল
শ্ৰীভূমি, ০৩ জুন (হি.স.)। ৰাজ্যৰ বিভিন্ন ঠাইত কৃষক সকলে হাহাকাৰ কৰিব লগীয়া হৈছে শীতলীকৰণ ভঁৰালৰ অভাৱত। কৰবাত কৃষক সকলে তেওঁলোকে কঠিন শ্ৰমৰ যোগেদি উৎপাদন কৰা ফছল শীতলীকৰণ ভঁৰালৰ অভাৱত আনকি পেলায় দিব লগা হৈছে। ইয়াৰ বিপৰীতে কোটি কোটি টকা খৰছ কৰি ন
গৰু মহৰ জিৰণিগৃহত পৰিণত হৈছ শ্ৰী ভূমি জিলাৰ সাৰদামনি শীতল ভঁৰাল


শ্ৰীভূমি, ০৩ জুন (হি.স.)। ৰাজ্যৰ বিভিন্ন ঠাইত কৃষক সকলে হাহাকাৰ কৰিব লগীয়া হৈছে

শীতলীকৰণ ভঁৰালৰ অভাৱত।

কৰবাত কৃষক সকলে তেওঁলোকে কঠিন শ্ৰমৰ যোগেদি উৎপাদন কৰা ফছল শীতলীকৰণ ভঁৰালৰ অভাৱত আনকি পেলায় দিব লগা হৈছে। ইয়াৰ বিপৰীতে কোটি কোটি টকা খৰছ কৰি নিৰ্মাণ কৰা শীতলীকৰণ ভঁৰাল এতিয়া হাবি জংঘলে আগুৰি ধৰিছে।

বৰাক উপত্যকাৰ শ্ৰীভূমিত থকা সাৰদামনি কোল ষ্ট ৰেজ টোৰ তথৈ বচ অৱস্থা।

আনহাতে বদৰপুৰ ঘাটত থকা পাচ হেজাৰ মেট্ৰিক টন ক্ষমতা সম্পন্ন বৰাক কোল্ড ষ্ট'ৰেজ টো বৰ্তমান সময়ত কাৰ্যক্ষম যদিও জিলা খনৰ আন্তজাৰ্তিক সীমান্তত থকা দুই হেজাৰ মেট্ৰিক টন ক্ষমতা সম্পন্ন সুতাৰকান্দি কোল্ড ষ্ট'ৰেজ বৰ্তমান সময়ত হাবি বনাঞ্চলৰ মাজত। আনহাতে জিলা সদৰত থকা তিনি হেজাৰ মেট্ৰিক টন ক্ষমতা সম্পন্ন সাৰদামনি কোল্ড ষ্ট'ৰেজ টো বৰ্তমান সময়ত গৰু মহৰ জিৰণিগৃহত পৰিণত হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande