কাছাৰত বুজন পৰিমাণৰ মেঘালয়ৰ সুৰা জব্দ
কাছাৰ, ০৩ জুন (হি.স.)। কাছাৰত বুজন পৰিমাণৰ মেঘালয়ৰ সুৰা জব্দ কৰা হৈছে। মেঘালয়ৰ পৰা কাছাৰৰ মাজেৰে মিজোৰামলৈ সৰবৰাহৰ সময়ত লাইলাপুৰত আৰক্ষীয়ে জব্দ কৰে সুৰা খিনি। বিভিন্ন সামগ্ৰী কঢ়িওৱা এখন ট্ৰাকত গোপনে সৰবৰাহৰ সময়ত লাইলাপুৰ আৰক্ষীয়ে তালাচী চল
কাছাৰত বুজন পৰিমাণৰ মেঘালয়ৰ সুৰা জব্দ


কাছাৰ, ০৩ জুন (হি.স.)। কাছাৰত বুজন পৰিমাণৰ মেঘালয়ৰ সুৰা জব্দ কৰা হৈছে। মেঘালয়ৰ পৰা কাছাৰৰ মাজেৰে মিজোৰামলৈ সৰবৰাহৰ সময়ত লাইলাপুৰত আৰক্ষীয়ে জব্দ কৰে সুৰা খিনি।

বিভিন্ন সামগ্ৰী কঢ়িওৱা এখন ট্ৰাকত গোপনে সৰবৰাহৰ সময়ত লাইলাপুৰ আৰক্ষীয়ে তালাচী চলায় ট্ৰাক খনত। কাছাৰৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজত কুমাৰ পলৰ নেতৃত্বত মিজোৰাম সীমান্তৱৰ্তী

লাইলাপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শুভজিত দত্ত সহ আৰক্ষীয়ে এ এছ ০১ আৰ চি ২৯৫০ নম্বৰৰ ট্ৰাক খনত তালাচী চলাই জব্দ কৰে সুৰা খিনি। লাইলাপুৰ চেকগেটত তালাচী চলাই আৰক্ষীয়ে ট্ৰাকখনত লুকুৱাই অনা ১৪০ কাৰ্টন মেঘালয়ত প্ৰস্তুত কৰা সুৰা জব্দ কৰে। কাৰ্টন কেইটাৰ পৰা মুঠ ১৬৮০ বটল ৰয়েল ষ্টেগ (IMFL) সুৰা জব্দ কৰে আৰক্ষীয়ে।

সুৰাৰ বটলবোৰত “ফৰ চেল ইন মেঘালয়া অনলি” বুলি লিখা আছিল। সুৰা খিনি অবৈধভাৱে মিজোৰামলৈ সৰবৰাহৰ পৰিকল্পনা কৰা হৈছিল। অবৈধ ভাৱে সুৰা সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে আনোৱাৰ হুছেইন লস্কৰ নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। ধৃত ব্যক্তি জনৰ ঘৰ কাছাৰৰ সোণাই

নিউ টাউন বজাৰত বুলি সদৰী কৰিছে আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande