ইউ চি চি আইনৰ জৰিয়তে সমাজ সংঘবদ্ধ হব–ঋতুপৰ্ণ বৰুৱা
ডিব্ৰুগড়, ০৩ জুন (হি.স.)। ইউ চি চি আইনৰ জৰিয়তে সমাজ সংঘবদ্ধ হব। এই মন্তব্য ৰাজ্যিক বিজেপিৰ সম্পাদক ঋতুপৰ্ণ বৰৱাৰ। ডিব্ৰুগড়ত ভাৰতীয় জনতা পাৰ্টীৰ হৈ সম নাগৰিক সংহিতা-২০২৬ চমুকৈ ইউ চি চি''ক লৈ এক সংবাদ মেল সম্বোধন কৰি এই দৰে মন্তব্য কৰে বৰুৱাই। ড
ইউ চি চি আইনৰ জৰিয়তে সমাজ সংঘবদ্ধ হব–ঋতুপৰ্ণ বৰুৱা


ডিব্ৰুগড়, ০৩ জুন (হি.স.)। ইউ চি চি আইনৰ জৰিয়তে সমাজ সংঘবদ্ধ হব। এই মন্তব্য ৰাজ্যিক বিজেপিৰ সম্পাদক ঋতুপৰ্ণ বৰৱাৰ। ডিব্ৰুগড়ত ভাৰতীয় জনতা পাৰ্টীৰ হৈ সম নাগৰিক সংহিতা-২০২৬ চমুকৈ ইউ চি চি'ক লৈ এক সংবাদ মেল সম্বোধন কৰি এই দৰে মন্তব্য কৰে বৰুৱাই।

ডিব্ৰুগড় ভাৰতীয় জনতা পাৰ্টীৰ নৱ নিৰ্মিত মাণ্ডলিক কাৰ্যালয়ত সাংবাদ মেল সম্বোধন ৰাজ্যিক সম্পাদক ঋতুপৰ্ণ বৰুৱাৰ।

সম নাগৰিক সংহিতাক বিতং তথ্য বৰ্ণনা আগবঢ়ায় এই সাংবাদ মেল সম্বোধন ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সম্পাদক তথা অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাৰ।

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড.হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ইতিমধ্যে গৃহীত হোৱা ইউ চি চি আইনৰ জৰিয়তে সমাজ সংঘবদ্ধ হোৱাৰ লগতে এই আইনে নৱ প্ৰজন্মক শৃংখলাব্ধভাৱে জীৱন প্ৰণালীক আগবঢ়ায় নিব বুলি মন্তব্য প্ৰকাশ কৰে।

এই ইউ চি চি আইনৰ অধীনতে নাৰী অধিকাৰ, মহিলা সুৰক্ষা লগতে বাল্য বিবাহ বহু বিবাহ তথা সম্পত্তি অধিকাৰ আদি দিশত সমাজত ন্যায় প্ৰতিষ্ঠা কৰিব বুলি মন্তব্য প্ৰকাশ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক নেতৃত্বৰ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande