২১ মাহে বিদ্যালয়ত অনুপস্থিত থাকিও দৰমহা ভোগ বৰপেটাৰ শিক্ষকৰ
২১ মাহে বিদ্যালয়ত অনুপস্থিত এগৰাকী শিক্ষক ।
২১ মাহে বিদ্যালয়ত অনুপস্থিত থাকিও দৰমহা ভোগ বৰপেটাৰ শিক্ষকৰ


বৰপেটা, ০৩ জুন (হি.স.): সুদীৰ্ঘ ২১ মাহ ধৰি বিদ্যালয়ত অনুপস্থিত আছে বৰপেটাৰ এগৰাকী শিক্ষক । অথচ সেইখন বিদ্যালয়ৰ নামতে মাহৰ পিছত মাহ দৰমহা ভোগ কৰিছে শিক্ষক গৰাকীয়ে । বৰপেটা জিলাৰ মন্দিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত ১৮৮১ নং পশ্চিম মাজৰচৰ প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা ।

প্ৰাপ্ত তথ্য়মতে, ২০২৪ চনৰ ৫ অক্টোবৰৰপৰা বিদ্যালয় যোৱা নাই পশ্চিম মাজৰচৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আব্দুল মান্নান । শিক্ষকজনৰ এনে অনুপস্থিতিৰ বিষয়ে শিক্ষা বিভাগক একাধিকবাৰ অভিযোগ দিয়াৰ পাছতো সুফল পোৱা নাই অভিভাৱকসকলে । যাৰ ফলত শৈক্ষিক পৰিৱেশ বিনষ্ট হৈছে বিদ্যালয়খনৰ । অভিযোগ অনুসৰি মন্দিয়া শিক্ষা খণ্ডৰ বিষয়া মাধৱ পাটগিৰিৰ আশীৰ্বাদতে শিক্ষক আব্দুল মান্নানে এনেদৰে বিদ্যালয়লৈ নোযোৱাকৈয়ে দৰমহা ভোগ কৰিব পাৰিছে । সমগ্ৰ বিষয়টো গুৰুত্বসহকাৰে লৈ শীঘ্ৰে শিক্ষকজনক বিদ্যালয়ত উপস্থিত থকাৰ ব্যৱস্থা কৰিবলৈ জিলা প্ৰাথমিক শিক্ষা বিষয়াক দাবী জনাইছে ৰাইজে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande