
ইম্ফল, ০৩ জুন (হি.স.)। মণিপুৰৰ নিৰাপত্তা বাহিনীয়ে পৃথক অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক জব্দ কৰাৰ লগতে নিষিদ্ধ উগ্ৰপন্থী সংগঠনৰ দুই কেডাৰক গ্ৰেপ্তাৰ কৰি বৃহৎ সফলতা লাভ কৰিছে।
মণিপুৰ আৰক্ষীয়ে বুধবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি মঙলবাৰে থৌবাল জিলাৰ য়াৰিপক থানা এলেকাৰ পেচি চিংলাক অঞ্চলৰ পাদদেশত নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান চলায়। তালাচী অভিযানৰ সময়ত এক এ কে ৰাইফল, এটা ডাবল বেৰেল গান, দুটা চিংগল বেৰেল গান, তিনিটা ৩৬ এইচ ই হেণ্ড গ্ৰেনেড, এটা চাইনিজ হেণ্ড গ্ৰেনেড, চাৰিটা ডিটনেটৰ, বিভিন্ন মেগজিন, ২৫টা লাইভ এ কে কাৰ্টিজ, ৭টা ১২ ব’ৰ কাৰ্টিজ, আৰু এটা বাওফেং ৰেডিঅ’ হেণ্ডছেট আৰু চাৰ্জাৰকে ধৰি বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হয়।
ইয়াৰ উপৰিও আন এক অভিযানত নিৰাপত্তা বাহিনীয়ে ইম্ফল পূব জিলাৰ এণ্ড্ৰ’ থানা এলেকাৰ অন্তৰ্গত য়াৰিপক তুলিহাল টৌপকপিৰ বাসগৃহৰ পৰা নিষিদ্ধ কেচিপি (পিডব্লিউজি)ৰ সক্ৰিয় কেডাৰ কোমল মুক্তাৰ আবাছ ওৰফে কাৰাতি (২৫)ক গ্ৰেপ্তাৰ কৰে।
এক সুকীয়া অভিযানত ইম্ফল পশ্চিম জিলাৰ ৱাংগোই থানা এলেকাৰ অন্তৰ্গত হিয়াংথাং দলঙৰ পূব দিশৰ পৰা নিষিদ্ধ প্ৰপক (প্ৰ’)ৰ সক্ৰিয় কেডাৰ ইয়াংগলেম আনাওবা সিং ওৰফে ইয়াম্বা (২৩)ক গ্ৰেপ্তাৰ কৰা হয়। তেওঁ ইম্ফল পশ্চিম জিলাৰ চিংজামেই চিংমাখা ইয়াংগলেম লেইৰাকৰ বাসিন্দা।
নিৰাপত্তা সংস্থাসমূহে উল্লেখ কৰিছে যে উগ্ৰপন্থী কাৰ্যকলাপ ৰোধ কৰাৰ লগতে ৰাজ্যত শান্তি বজাই ৰাখিবলৈ অভিযান অব্যাহত আছে। অধিক তদন্ত অব্যাহত আছে।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ