
গোলাঘাট, ০৩ জুন (হি.স.)। গোলাঘাট জিলাৰ মেৰাপানীত উদ্ধাৰ হৈছে এটা নাহৰফুটুকী বাঘৰ মৃতদেহ। ১ নং আদৰ্শ গাঁৱত গাঁওপ্ৰধান যোগেন বৰাৰ ঘৰৰ বাঁহনিৰ পিছফালে পুৱা স্থানীয় লোকে বাঘটোৰ মৃতদেহ প্ৰত্যক্ষ কৰে। ঘটনাৰ খবৰ পোৱাৰ পিছতে বন বিভাগে তদন্ত আৰম্ভ কৰিছে। এই ঘটনাক লৈ অঞ্চলটৌত তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে।
পুৱা গাঁওপ্ৰধান যোগেন বৰাৰ ঘৰৰ বাঁহনিৰ পিছফালে এজন বনকৰা লোকে এটা প্ৰাপ্তবয়স্ক নাহৰফুটুকী বাঘৰ মৃতদেহ প্ৰত্যক্ষ কৰে।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত। লগতে মেৰাপানী আৰক্ষী আৰু পশু চিকিৎসা বিভাগকো ঘটনাৰ বিষয়ে অৱগত কৰা হৈছে।
বন বিভাগৰ সূত্ৰে জানিব পৰা মতে, মৰণোত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব নাহৰফুটুকী বাঘটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ।
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি অঞ্চলটোত এই নাহৰফুটুকী বাঘটোৱে মানুহৰ পোহনীয়া ছাগলী আদি খাই স্থানীয় লোকৰ মাজত আতংকৰ সৃষ্টি কৰি আহিছিল বুলি জানিব পৰা গৈছে। অৱশ্যে বাঘটোৰ মৃত্যুৰ লগত ইয়াৰ কোনো সম্পৰ্ক আছে নেকি, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা