
মাজুলী, ০৩ জুন (হি.স.): মাজুলী জিলাৰ সৈতে নতুনকৈ চামিল হোৱা গড়মূৰ আৰক্ষী থানাৰ অন্তৰ্গত এটা অঞ্চলত সংঘটিত হৈছে এক জঘন্য ধৰ্ষণ কাণ্ড। এই স্পৰ্শকাতৰ ঘটনাক লৈ সমগ্ৰ জিলাখনতে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰাৰ মাজতে মাজুলীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে মঙলবাৰে এক জৰুৰী সংবাদমেল সম্বোধন কৰে । নতুনকৈ মাজুলী জিলাৰ সীমাৰ ভিতৰত অন্তৰ্ভুক্ত হোৱা গড়মূৰ থানাৰ এলেকাধীন এটা অঞ্চলত এক লজ্জিত কৰা ধৰ্ষণ কাণ্ড সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। এই জঘন্য অপৰাধক লৈ সমগ্ৰ মাজুলী জিলাজুৰি তীব্ৰ ক্ষোভ আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
ঘটনাৰ গুৰুত্ব আৰু স্পৰ্শকাতৰতালৈ লক্ষ্য ৰাখি মাজুলীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে যোৱা কালি বিয়লি এক সংবাদমেল আয়োজন কৰে। সংবাদমেলত আৰক্ষী অধীক্ষকগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে অপৰাধী যিয়েই নহওক কিয়, আইনৰ হাতৰ পৰা সাৰি যাব নোৱাৰিব। আৰক্ষীয়ে ঘটনাৰ খবৰ পোৱাৰ লগে লগেই তৎপৰ হৈ পৰিছে আৰু ইতিমধ্যে বিষয়টোৰ ওপৰত এক নিৰপেক্ষ তথা ক্ষিপ্ৰ তদন্ত আৰম্ভ কৰা হৈছে । আৰক্ষী প্ৰশাসনে ভুক্তভোগী পৰিয়ালটোক সম্পূৰ্ণ ন্যায় প্ৰদানৰ আশ্বাস দিয়াৰ লগতে অঞ্চলটোত শান্তি-শৃংখলা বজায় ৰাখিবলৈ ৰাইজক আহ্বান জনাইছে । জিলাখনৰ নতুনকৈ চামিল হোৱা অঞ্চলসমূহতো যাতে মহিলা আৰু শিশুৰ সুৰক্ষা সুনিশ্চিত হয়, তাৰ বাবে আৰক্ষীৰ তহলদাৰী আৰু নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হ’ব বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদমেলত উল্লেখ কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ