মালৱ্য নগৰ অগ্নিকাণ্ডত মৃত্যু হোৱা লোকৰ সংখ্যা ২১ জনলৈ বৃদ্ধি, আহত কেইবাজনো লোক
নতুন দিল্লী, ০৩ জুন (হি.স.)। নতুন দিল্লীৰ মালব্য নগৰ অঞ্চলৰ এখন ৰেষ্টুৰেণ্টত বুধবাৰে পুৱা সংঘটিত অগ্নিকাণ্ডত ২১ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। ৩৯ জন ৰোগীক মেক্স হাস্পতালত আৰু ১৩ জন এইমছত ভৰ্তি কৰোৱা হৈছে, ইয়াৰে বহু সংখ
मैक्स अस्पताल के मेडिकल डायरेक्टर डॉ. संदीप बुधिराजा


নতুন দিল্লী, ০৩ জুন (হি.স.)। নতুন দিল্লীৰ মালব্য নগৰ অঞ্চলৰ এখন ৰেষ্টুৰেণ্টত বুধবাৰে পুৱা সংঘটিত অগ্নিকাণ্ডত ২১ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। ৩৯ জন ৰোগীক মেক্স হাস্পতালত আৰু ১৩ জন এইমছত ভৰ্তি কৰোৱা হৈছে, ইয়াৰে বহু সংখ্যক গুৰুতৰভাৱে আহত হৈছে।

চিকিৎসালয় কৰ্তৃপক্ষৰ তথ্য অনুসৰি ১৮ জন ৰোগীক আহি পোৱাৰ লগে লগে মৃত ঘোষণা কৰা হয়। আই চি ইউত পোন্ধৰজন ৰোগী চিকিৎসাধীন হৈ আছে, ইয়াৰে আঠজন ভেণ্টিলেটৰৰ সহায়ত আছে আৰু সংকটজনক অৱস্থাত আছে।

সামান্য আঘাত পাই ৫ জন ৰোগীক প্ৰাথমিক চিকিৎসাৰ অন্তত ঘৰলৈ যাবলৈ দিয়াৰ বিপৰীতে গুৰুতৰভাৱে জ্বলি যোৱা এজন ৰোগীক উন্নত চিকিৎসাৰ বাবে ছফদাৰজং হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

বিষয়াসকলে জনোৱা মতে, নিহতসকলৰ ভিতৰত ভাৰতীয় আৰু বিদেশী উভয় নাগৰিক আছে। আটাইকেইজনেই ৮০% পোৰাৰ ফলত আঘাতপ্ৰাপ্ত হয়।

চিকিৎসালয়খনৰ চিকিৎসা সঞ্চালক ডাঃ সন্দীপ বুধিৰাজাই সংবাদ মাধ্যমৰ আগত কয় যে ভেন্টিলেটৰত থকা ৰোগীসকলৰ অৱস্থা অত্যন্ত সংকটজনক। এনে ৰোগীৰ সংখ্যা প্ৰায় ৭-৮ জন।

তেওঁ উল্লেখ কৰে যে ৰোগীসকলৰ বয়স ৩০ৰ পৰা ৫০ বছৰৰ ভিতৰত। বেছিভাগ ৰোগীয়ে তীব্ৰভাৱে পোৰাৰ লগতে হাওঁফাওঁৰ ক্ষতিসাধন হৈছে। একাংশ ৰোগীয়েও গুৰুতৰভাৱে জ্বলা-পোৰাৰ আঘাত লাভ কৰে।

ডাঃ সন্দীপে জনোৱা মতে, পুৱা প্ৰায় ৯:১৫ বজাত চিকিৎসালয়খনৰ পৰা ৰাস্তাৰ সিপাৰৰ পৰা ধোঁৱাৰ ঢৌ দেখা গৈছিল, তাৰ পিছত আহতসকলক তৎক্ষণাত চিকিৎসাৰ বাবে অনা হয়।

তেওঁ উল্লেখ কৰে যে সকলো ৰোগীকে আই চি ইউত চিকিৎসা কৰা হৈছে আৰু পৰিস্থিতি নিৰীক্ষণ কৰা হৈছে।

অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স (এইমছ)ত তিনিজন লোকক অগ্নিকাণ্ডৰ ফলত মৃত অৱস্থাত অনা হয়। এইমছে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে মৃত তিনিজনৰ লগতে ১৩ জন আহত ৰোগীক ট্ৰমা চেণ্টাৰলৈ অনা হয়।

ইয়াৰে তিনিজন ৰোগী উচ্চতাৰ পৰা পৰি গৈছিল (তেওঁলোকে জপিয়াইছিল)। এই তিনিজন ৰোগীৰ ভিতৰত দুজনে চিকিৎসকৰ পৰামৰ্শৰ বিৰুদ্ধে চিকিৎসালয়ৰ পৰা ওলাই আহিছিল। ট্ৰমা চেণ্টাৰত উপস্থিত হোৱাৰ সময়ত দুয়োৰে অৱস্থা সুস্থিৰ আছিল।

ইয়াৰে এজনৰ মূৰত আঘাত পাই অস্ত্ৰোপচাৰ কৰা হয়। তেওঁৰ অৱস্থা সংকটজনক।

ইয়াৰে দহজন আছিল দিল্লী আৰক্ষীৰ উদ্ধাৰকাৰী। সকলোৰে অৱস্থা সুস্থিৰ আৰু পৰ্যবেক্ষণৰ অধীনত আছে। অতি সোনকালে তেওঁলোকক ডিচচাৰ্জ দিয়া হ’ব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande