
লখিমপুৰ, ০৩ জুন (হি.স.): লখিমপুৰত পোহৰলৈ আহিছে আন এটা লাভ জেহাদৰ ভয়ংকৰ ঘটনা । হিন্দুৰ পৰিচয় দি মুছলমান যুৱকে প্ৰলোভিত কৰিছিল হিন্দু যুৱতী।
জানিব পৰামতে, হাচমত আলী নামৰ যুৱকজনে, ঘৰ প্ৰথমে তেজপুৰৰ বুলি কৈ প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল জহিং চাহ বাগানৰ এগৰাকী যুৱতীৰে। ইয়াৰ পিছতেই পোহৰলৈ আহিল সমগ্ৰ ঘটনা । সুমিত কুমাৰ বুলি হিন্দু যুৱকৰ পৰিচয় দি প্ৰকৃততে লখিমপুৰৰে এজন মুছলমান যুৱকে পাতিছিল লাভ জেহাদৰ জাল । প্ৰেমৰ জালত পেলাই বিয়াৰ প্ৰলোভনেৰে দিছিল যুৱকজনে। ইফালে সকলো কথা পৰিয়ালক জনালে যুৱতী গৰাকীক হাছমত আলীয়ে হত্যাৰ ভাবুকিও দিছিল বুলি অভিযোগ তুলিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ